১০ উইকেটত জয়ী নিউজিলেণ্ড

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : আই চি চি টি-২০ বিশ্ব কাপৰ ইতিহাসত নিজৰ সৰ্বাধিক স্ক'ৰ গঢ়িও নিউজিলেণ্ডৰ হাতত আজিৰ খেলখনত ১০ উইকেটত পৰাজিত হয় ইউ এ ই। গ্রুপ 'ডি'ৰ খেলখনত প্রথমে বেট ধৰি ইউ এ ইয়ে মহম্মদ বাছিম (অপঃ ৬৬) আৰু আলীশ্বান ছাৰাফুৰ (৫৫) অর্ধশতকীয় বৰঙনিৰে ৬ উইকেটত ১৭৩ ৰান কৰে।

অ'পেনাৰ আৰিয়ান শৰ্মা (৮) আগতীয়াকৈ আউট হ'লেও বাছিম আৰু ছাৰাফুৰে দ্বিতীয় উইকেটত ১০৭ ৰানৰ যুটি বান্ধি দলৰ বাবে প্রত্যাহ্বানমূলক স্ক'ৰ থিয় কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দলৰ হৈ মায়ংক কুমাৰে ২১ ৰানৰ উপযোগী বৰঙনি যোগায়। নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে সর্বাধিক দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে অপেনাৰদ্বয় ফিন এলেন আৰু টিম শ্বেইফাৰ্টৰ বেটিং বিক্ৰমৰ সহায়ত সহজেই ১০ উইকেটত জয়লাভ কৰে।

ছেইফাৰ্টৰ ৪২টা বলত ১২টা চাৰি আৰু তিনিটা ছয়সম্বলিত অপৰাজিত ৮৯ আৰু এলেনৰ ৫০টা বলত ৫টা চাৰি আৰু ৫টা ছয়ৰ সমাহাৰ ঘটা অবিজিত ৮৪ ৰানেৰে নিউজিলেণ্ডে ১৫.২ অ'ভাৰত ১৭৫ ৰান কৰি লক্ষ্য অতিক্ৰম কৰে। ছেইফার্ট আৰু এলেনৰ মাজত এয়া টি-২০ ক্রিকেটত যিকোনো উইকেটত সৰ্বাধিক ৰানৰ যুটি।

Share This