ডিজিটেল ডেস্ক: চতুৰ্থবাৰৰ বাবে কালি কামৰূপ ছেছন আদালতে জুবিন হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰে। এই শুনানিত ৰাজ্য চৰকাৰে জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰৰ নেতৃত্বত গঠন কৰি দিয়া পাঁচজনীয়া চৰকাৰী অধিবক্তাৰ দলটো উপস্থিত থাকি আদালতত জুবিনৰ ন্যায়ৰ বাবে যুঁজ দিয়ে।
কালি চৰকাৰী অধিবক্তাৰ দলটোৰ অনুৰোধত আদালতে ২২ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। শুনানিৰ অন্তত জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে কয় যে পূৰ্বতে জুবিন হত্যাৰ লগত জড়িত ৩ অপৰাধীয়ে জামিন আৱেদন দাখিল কৰিছিল আৰু কালি আন দুই অপৰাধী ক্রমে শ্যামকানু মহন্ত আৰু নন্দেশ্বৰ বৰাই জামিন আৱেদন দাখিল কৰে। গতিকে ২২ জানুৱাৰীত পাঁচ অপৰাধীৰে জামিন আৱেদনৰ শুনানি গ্রহণ কৰিব। জ্যেষ্ঠ অধিবক্তাজনে লগতে এই বুলিও কয় যে পূর্বতে শ্যামকানু আৰু সিদ্ধার্থই ভিডিঅ' কনফাৰেন্সিংযোগে শুনানিত অংশগ্ৰহণ কৰিবৰ বাবে আৱেদন জনাইছিল আৰু কালি দুটা চর্তত ভিডিঅ' কনফাৰেন্সযোগে অপৰাধীক শুনানিত উপস্থিত থকাৰ অনুমতি প্রদান কৰে।
আনহাতে, জুবিন হত্যাৰ গোচৰত উক্তদিনা য়টত থকা প্ৰৱাসী অসমীয়াকেইটা সাৰি যাব নেকি?- এই প্রশ্ন সকলোৰে মনত খু-দুৱাই থকাৰ মাজতে কালি জিয়াউৰ কামাৰে কয় যে গোচৰৰ প্ৰয়োজনত যেতিয়াই মন যায় বি এন এছৰ ৩৫৮ ধাৰাত এইকেইটাক সাঙুৰি ল'ব পৰা যাব। ইয়াৰ লগতে আজি সিদ্ধার্থ শর্মাই জুবিনৰ টকাৰে ফটাশিলত ক্ৰয় কৰা ফ্লেটটো জব্দ কৰাৰ আৱেদন কৰা হৈছিল এছ আই টিৰ তৰফৰ পৰা। এই আৱেদনৰ শুনানিও ৩০ জানুৱাৰীত গ্ৰহণ কৰা হ'ব। ইফালে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অগ্রগতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি থকা গুৱাহাটী উকীল সন্থাই ৫জনীয়া চৰকাৰী অধিবক্তাৰ দল নিয়োগ কৰাত সন্তোষ প্রকাশ কৰিছে যদিও জুবিন হত্যাৰ গোচৰৰ বাবে বিশেষ আদালত গঠন কৰাৰ দাবী জনাইছে। তেওঁলোকে কয় যে এইখন আদালতত এইটো গোচৰ ২০ বছৰেও শেষ নহ'ব। সেয়েহে জুবিন হত্যাৰ বিচাৰৰ বাবে বিশেষ আদালত গঠন কৰক, য'ত প্রতিদিনে শুনানি গ্রহণ কৰিব পৰা হ'ব।