নেইমাৰ পুনৰ আঘাতপ্ৰাপ্ত 

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্ক : ছেণ্ট'ছৰ ফৰৱাৰ্ড নেইমাৰ পুনৰ আঘাতপ্রাপ্ত হৈছে। এইবাৰ তেওঁৰ মাংসপেশীত নুতনকৈ আঘাত পোৱা বুলি ক্লাবটোরে প্রকাশ কৰে। উল্লেখযোগ্য যে আঘাতৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ কাৰণে নেইমাৰে দীৰ্ঘদিন যুঁজ দি থাকিবলগীয়া হৈছে। ৩৩ বছৰীয়া খেলুৱৈজনে যোৱা বুধবাৰে এটলেটিকো মিনেৰ'ৰ বিৰুদ্ধে চেণ্টছৰ খেলখনত আঘাতৰ বাবে ৩৪ মিনিটত খেলপথাৰৰ পৰা বাহিৰ হ'বলগীয়া হয়। পাছত তেওঁৰ হেমন্ত্ৰিঙৰ ছেমিমেম্বান'ছাছত আঘাত পোৱা বুলি জানিব পৰা হয়। ক্লাবটোৱে নিজৰ ৱেবছাইটত নেইমাৰৰ আঘাতৰ প্রসংগত কয়, 'এতিয়াই কোনোধৰণৰ নিশ্চিত উত্তৰ দিয়াটো বৰ আগতীয়া হ'ব, কিয়নো আমাৰ হাতত ইয়াৰ কোনো উত্তৰ নাই, এতিয়া তেওঁ যাতে দীর্ঘদিন খেলপথাৰৰ পৰা বাহিৰত থাকিবলগীয়া নহয় সেইটোহে আমি প্রার্থনা কৰিছোঁ।' 

ছেণ্টছৰ প্ৰশিক্ষক ছিজাৰ চেম্পাইয়'ই কয় যে নেইমাৰৰ নতুন আঘাত পূৰ্বৰ আঘাতৰ পুনৰাবৃত্তি নহয়। ছেন্টছে কয় যে নেইমাৰে ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে আৰু মাংসপেশী মজবুত কৰাৰ বাবে প্রয়োজনীয় চিকিৎসা কৰি আছে। তেওঁ কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ খেলপথাৰলৈ উভতিব পাৰিব সেই কথা ক্লাবটোৱে নজনালে। উল্লেখযোগ্য যে যোৱা বছৰ অক্টোবৰত নেইমাৰে ইণ্টিৰিয়অ'ৰ ক্ৰুছিয়েট লিগামেন্টত আঘাত পাইছিল। ইয়াৰ পাছৰে পৰাই তেওঁ ছফ্ট টিছুৰ আঘাতৰ সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হৈছে। 

উল্লেখযোগ্য যে ছেন্টছে উক্ত মেচখনত ২-০ গ'লৰ ব্যৱধানত জয়ী হৈছিল। ফর্ম ঘূৰাই পোৱাৰ পাছত তেওঁক ব্রাজিলৰ ৰাষ্ট্ৰীয় দলত লোৱা হৈছিল, কিন্তু আঘাতৰ বাবে তেওঁৰ নাম প্ৰত্যাহাৰ কৰা হয়। আঘাতজনিত সমস্যাৰ কাৰণে নেইমাৰে ২০২৩ চনৰ অক্টোবৰৰ পৰাই ব্রাজিলৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলা নাই।

Share This