ডিজিটেল ডেস্ক : পেৰিছ ছেইন্ট জার্মেইৰ (পি এছ জি) এইবাৰৰ ফৰাচী ফুটবল লীগত অপৰাজিত হৈ থকাৰ ধাৰা শুকুৰবাৰে প্ৰতিৰোধ কৰে নীচে। নীচে শুকুৰবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ এখন মেচত পি এছ জিক ৩-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে।
উল্লেখযোগ্য যে পি এছ জিয়ে তিনি সপ্তাহৰ আগতেই লীগৰ খিতাপ জয় কৰাটো নিশ্চিত কৰে। ইয়াৰ পাছত দলটোৱে এইবাৰৰ লীগত অপৰাজেয় হৈ থকাৰ লক্ষ্য লৈছিল যদিও নীচে সেই আশাত চেঁচা পানী ঢালে। প্রায় এবছৰৰ ভিতৰত পি এছ জিৰ নিজৰ ঘৰুৱা ষ্টেডিয়ামত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।
শুকুৰবাৰৰ পৰাজয়ে মঙলবাৰে চেম্পিয়ন্ছ লীগৰ ছেমি ফাইনেল লেগত আছেনালৰ বিৰুদ্ধে মেচখনৰ আগে আগে দলটোৰ মনোবলত প্রভাৱ পেলাব। শুকুৰবাৰৰ মেচখনত পি এছ জিৰ প্রশিক্ষক লুইচ এনৰিকে কেইবাজনো আগশাৰীৰ খেলুৱৈক বিশ্রাম দিয়ে যদিও প্রথমার্ধত দলটোৰ আধিপত্য আছিল।