উদ্বোধনৰ পাছতেই লেতেৰা হ’ল নীলাচল উৰণ সেতু

Kakali Deka September 01, 2023

ডিজিটেল ডেস্কঃ মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণ সেতুখন মঙলবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল৷ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত সকলোকে উৰণ সেতুখন ভালদৰে ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল৷ সেতুখনৰ ওপৰেদি যাতায়াত কৰা অথবা ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা সকলো লোককে উৰণ সেতুখনক নিজৰ ঘৰৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ স্থানীয় ৰাইজেও জনাইছিল৷ কিন্তু মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণ সেতুৰ উদ্বোধনৰ কেইটামান ঘণ্টাৰ পাছতেই পুনৰ দেখিবলৈ পোৱা গ’ল একাংশ লোকৰ অসভ্যালি৷ 


কোনো নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে  নিশা সেতুখনৰ ৰেলিঙৰ দেৱালত পিক পেলাই লেতেৰা কৰা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰামধেনুৰ সাতোৰঙী ৰঙেৰে অংকিত প্ৰতিচ্ছবিৰ তলতেই কোনো লোকে  পিক পেলাই কদৰ্যময় কৰি পেলায়৷ তেনেদৰে  নিশাৰ ভাগত   উৰণ সেতুখনৰ ওপৰত কোনো লোকে পেলাই থৈ গ’ল সুৰা আৰু পানীৰ বটল৷ বিশেষকৈ  উৰণ সেতুখন উদ্বোধনৰ পাছতেই  চাবলৈ নিশা সোঁত বৈছিল বহু লোকৰ৷ ৰাতি বহু সময়লৈকে মানুহে ভিৰ কৰি বাৰেৰহণীয়া প্ৰতিচ্ছবি অংকিত  উৰণ সেতুখনৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে তাত ফটো, ৰীল বনোৱাও দেখিবলৈ পোৱা গৈছিল৷ কিন্তু তাৰে মাজতে কোনো নিকৃষ্ট মানসিকতাৰ লোকৰ এনে কাণ্ডত সচেতন লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ 
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দিছপুৰ ছুপাৰমাৰ্কেটৰ ফ্লাইঅ’ভাৰ মুকলিৰ  সময়তো একাংশ নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে অনুৰূপ কাণ্ডই সংঘটিত কৰিছিল৷ উল্লেখযোগ্য যে গুৱাহাটী মহানগৰৰ প্ৰতিখন ফ্লাইঅ’ভাৰ এতিয়া পিক আৰু প’ষ্টাৰেৰে ভৰি পৰিছে৷ আটকধুনীয়াকৈ সজাই তোলা ৰাজহুৱা স্থানসমূহ একাংশ লোকে এসপ্তাহৰ ভিতৰতে তামোল-গুটখাৰ পিক পেলাই আৰু বিভিন্ন প’ষ্টাৰ লগাই কদৰ্যময় কৰি তোলে৷ সুন্দৰকৈ সজাই তোলা চহৰখনত একাংশ লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই বাৰে বাৰে  সচেতন লোকসকল  লজ্জিত হ’ব লগা হয়৷ কিন্তু একাংশৰ এনে নিকৃষ্ট মানসিকতাৰ কাৰ্যক নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী পৌৰ নিগমে  কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল৷  সেই অনুসৰি মহানগৰৰ য’তে-ত’তে তামোল, গুটখাৰ পিক, থু পেলোৱা আৰু ৰাজহুৱা স্থানত বিভিন্ন প’ষ্টাৰ লগোৱা বিষয়টো চৰকাৰ-প্ৰশাসনৰ দৃষ্টিগোচৰ  হোৱা বুলি সদৰী কৰি পৌৰ নিগমৰ বিষয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ কোনো লোকে যদি তেনে কাম কৰা লোক দেখা পাই তেন্তে দেখুৱাই দিয়া ব্যক্তিজনক ১০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি সদৰী কৰি গুৱাহাটী পৌৰ নিগমৰ ৮৮১১০-০৭০০০, ৭৩৯৯০-০৩০০১, ৭৩৯৯০-০৩০০২, ৭৩৯৯০-০৩০০৪ নম্বৰত গুৱাহাটী অপৰিষ্কাৰ কৰাৰ ফটো আৰু ঠিকনা পঠিয়ালে এই ১০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা আছিল৷
 

প্ৰণিধানযোগ্যভাৱে  বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমৰ বিষয়াই ভৰলুৰ লগতে ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এটা টীম গঠন কৰা হৈছে বুলি ঘোষণা কৰিছিল৷ গঠন কৰা টীমটোৱে জৰিমনাৰ বহী লৈ দৈনিক মহানগৰ পৰিদৰ্শন কৰি কোনো লোকে আৱৰ্জনা পেলোৱা প্ৰত্যক্ষ কৰিলে তেওঁক ১০০০-১০,০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলি জানিবলৈ দিছিল৷ আনহাতে, ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সিদ্ধান্তও লোৱা হৈছিল৷ গুৱাহাটীখনক ‘সেউজীয়া গুৱাহাটী-পৰিষ্কাৰ গুৱাহাটী’ কৰাৰ মানসেৰেই এই সিদ্ধান্ত লৈছিল৷ কিন্তু ঘোষণা কৰাৰ পাছতো বাস্তৱত একো পৰিলক্ষিত নহয়৷ বিশেষকৈ, গুৱাহাটী পৌৰ নিগমৰ বিষয়াই  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰি দায়িত্ব সামৰাৰ বাবেই একাংশ নিকৃষ্ট মানসিকতাৰ লোকে এনে দুষ্কাৰ্য সংঘটিত কৰি আহিছে৷

Share This