ডিজিটেল ডেস্ক: পশ্চিম এছিয়াৰ অগ্নিগর্ভ পৰিস্থিতিৰ বাবে ভাৰতৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ) ৯টাকৈ আকাশী পথ ব্যৱহাৰ নকৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহক নির্দেশ দিছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত ইতিমধ্যেই মধ্যপ্রাচ্যত বৃহৎ ক্ষতি হৈছে। হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।
বিদেশলৈ গমন কৰা ভাৰতীয় লোকসকল যাতে সুৰক্ষিত থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ডি জি চি এই এই নির্দেশনা জাৰি কৰিছে। ডি জি চি এই দিয়া নির্দেশনা অনুসৰি যুদ্ধৰ সময়ছোৱাত বিমান পৰিবহণ সংস্থাসমূহে বাহৰেইন, ইৰান, ইৰাক, ইজৰাইল, জর্দান, কুৱেইট, লেবানন, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ আকাশী পথ ব্যৱহাৰ কৰিব নালাগে।
অৱশ্যে, বিশেষ চর্ত সাপেক্ষে মধ্যপ্রাচ্যৰ ছৌডি আৰব আৰু ওমানৰ আকাশী পথ ব্যৱহাৰ কৰিব পাৰিব। ২৮ মার্চ পর্যন্ত ডি জি চি এৰ এই নির্দেশনা বাহাল থাকিব বুলি উল্লেখ কৰা হৈছে ।