ডিজিটেল ডেস্ক : বাংলাদেশৰ কক্স বজাৰৰ সমীপৰ উখিয়াৰ ৰহিঙীয়া শিবিৰত দেওবাৰে নিশা সংঘটিত তিনিটা পৃথক ভূমিস্খলনৰ ঘটনাত মহিলা আৰু শিশুসহ ৯জন লোকৰ মৃত্যু হয়।
কক্স বজাৰৰ পালোংখালি ইউনিয়নৰ জামতোলি শিবিৰৰ ডি/৬ ব্লকত আশ্রয় লৈ থকা মহম্মদ কমল হুছেইনৰ বাসগৃহটো নিশা ভূমিস্খলনত পোত যায়। যাৰ ফলত হুছেইনৰ লগতে তেওঁৰ পত্নী আৰু পুত্রও নিহত হয়। আনহাতে, ৭ নং ৰহিঙীয়া কেম্পৰ ডি/৭ ব্লক আৰু ১১ নং কেম্পৰ চি/১১ ব্লক আৰু কক্স বজাৰৰ ১১ নং বাৰ্ডত হোৱা ভূমিস্খলনত এটি শিশুসহ ছজন লোকৰ মৃত্যু হয়।
ধাৰাবাহিক বৰষুণৰ ভূমিস্খলন হোৱা বুলি প্রকাশ কৰিছে উখিয়া উপজিলা প্রশাসনে। ফলতে তদুপৰি, ভূমিস্খলন হ'ব পৰা স্থানত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যোৱাৰ বাবেও প্রশাসনে আহ্বান জনাইছে।