ডিজিটেল ডেস্ক : ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক ধৰণেৰে শুকাই যোৱাৰ ফলত বিশেষকৈ নিমাতী-কমলাবাৰী ফেৰী সেৱাত আহি পৰা জটিলতাৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা মাজুলীৰ কমলাবাৰী ফেৰী ঘাট নদীৰ মাজলৈ স্থানান্তৰিত কৰিছে। ব্ৰহ্মপুত্ৰত মৰুময় এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত দীর্ঘদিনে চৰকাৰী জাহাজসমূহৰ চলাচল বন্ধ কৰি কেৱল মাথোঁ ব্যক্তিগত ছিংগল ফেৰীসমূহেৰে চেনেল সলাই সলাই মূল কমলাবাৰী ফেৰী ঘাটেৰে ফেৰী চলাচল কৰি আছিল যদিও ছিংগল ইঞ্জিনৰ ফেৰীসমূহৰ চলাচলতো যোৱা ৬ ডিচেম্বৰৰ পৰা সমস্যাৰ সৃষ্টি হোৱাত কালিৰে পৰা কমলাবাৰী পাৰঘাটটো বিভাগে মাজুলীৰ দৰবাৰ আৰু কুমলীয়া চাপৰিৰ মাজ অংশলৈ স্থানান্তৰিত কৰে।
উল্লেখযোগ্য যে শেহতীয়াকৈ মাজুলীৰ বিধায়ক, জিলাৰ আয়ুক্ত তথা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া-অভিযন্তাই কমলাবাৰী ফেৰীঘাট পৰিদৰ্শন কৰি কমলাবাৰী পাৰঘাটটো অন্য স্থানলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্রহণ কৰিছিল আৰু কমলাবাৰী ঘাটত বন্ধ হৈ থকা চৰকাৰী জাহাজ অফলামুখ ঘাটেৰে চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইফালে স্থানান্তৰিত ঘাটেৰে কালিৰ পৰা ৯খন ছিংগল ইঞ্জিনৰ ফেৰীৰ লগতে এম ভি উগ্ৰতাৰা, এম ভি সপ্তেশ্বৰী আৰু এম ভি ইন্দ্ৰ চৰকাৰী জাহাজেৰে ফেৰী যাতায়াত আৰম্ভ হৈছে। স্থানান্তৰিত কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ এতিয়া ফেৰী যাত্ৰাৰ সময় ৪৫ মিনিট আৰু নিমাতীৰ পৰা স্থানান্তৰিত কমলাবাৰী ঘাটলৈ আহিবলৈ ৪৫ মিনিট সময়ৰ প্ৰয়োজন হ'ব। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত কমলাবাৰী ফেৰী ঘাটটোত ফেৰী চলাচলত সমস্যাৰ সৃষ্টি হৈ আহিছিল।
কিন্তু সকলোকে আচৰিত কৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৱা এটা মাহৰ পৰা যিটো হাৰত হ্রাস পাবলৈ ধৰে, সেয়া নদীপৰীয়া লোকৰ বাবেও এক প্ৰকাৰে অস্বাভাৱিক এক দৃশ্য হিচাপে চিহ্নিত হৈছে। যোৱা ১০টা দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস পাই নদীখনত কেৱল এতিয়া জলৰাশিৰ পৰিৱৰ্তে শুকান বালিচৰহে দেখা পোৱা গৈছে। ইফালে মূল কমলাবাৰী ফেৰীঘাটত দোকান-পোহাৰ দি জীৱিকা নিৰ্বাহ কৰা ব্যৱসায়ীসকল যেন ছমাহলৈ জীৱিকাহীন হৈ পৰিল। নিজ জীৱিকাৰ বাবে ব্যৱসায়ীসকলে পুনৰ মূল কমলাবাৰী ফেৰীঘাটলৈ ঘাট স্থানান্তৰ হোৱালৈকে অপেক্ষা কৰিব লাগিব।