ডিজিটেল ডেস্ক : অসমৰ ৰূপামণি গড়ৰ পাছত আন এগৰাকী ভাৰতীয় কিশোৰীয়ে সফলতাৰে এভাৰেষ্টত আৰোহণ কৰিলে। নিশা শশীকুমাৰ নামৰ তামিলনাডুৰ কিশোৰীগৰাকীৰ বয়স মাত্র ১৬ বছৰ।
বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত দক্ষিণ ফালৰ পৰা (নেপালৰ দিশৰ পৰা) আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে নিশাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইলাইট এক্সপেড নামৰ পৰ্বতাৰোহী সংস্থাটোৱে নিশাৰ অভিলেখৰ কথা ঘোষণা কৰি ভাৰতীয় কিশোৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
সর্বোচ্চ শৃংগটো আৰোহণত নিশাক পথ প্রদর্শন কৰে টেনজি শ্বের্পা, ফুৰা দৰ্জি শ্বেৰ্পা আৰু ফুৰচাং শ্বের্পাই। উল্লেখযোগ্য যে যোৱা সপ্তাহত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু ইণ্ডো-তিব্বেতান সীমান্ত আৰক্ষী (আই টি বিপি)ৰ দুটা মহিলা দলেও মাউন্ট এভাৰেষ্টত আৰোহণ কৰিছিল।