ডিজিটেল ডেস্ক : নীলাচল পাহাৰত এতিয়া সাধু-সন্ন্যাসী-ভক্তৰ ভিৰ। প্রতিদিনে লাখ লাখ ভক্তৰ আগমনেৰে গিজগিজাই থকা নীলাচলৰ কামাখ্যাপীঠৰ মাহাত্ম্যই যুগ যুগ ধৰি মোহাচ্ছন্ন কৰি আহিছে সনাতন শাক্ত ধর্মীয়ৰ মন-মগজু। বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক প্ৰসাৰৰ পাছতো কামাখ্যাপীঠৰ মাহাত্ম্য এতিয়াও ৰহস্যময়, যি ৰহস্যৰ মায়াই কেৱল ভাৰতবৰ্ষৰেই নহয়, বিদেশী ভক্তকো নীলাচল পাহাৰলৈ টানি আনিছে। বিগত সময়ৰ দৰে এইবাৰো কামাখ্যাপীঠৰ অম্বুবাচীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমনে এই কথা প্ৰমাণ কৰে। কামাখ্যাৰ অম্বুবাচী মেলাই সৰ্বভাৰতীয় পৰ্যায়ত মহাকুম্ভ মেলাৰ দৰেই সাংস্কৃতিক আৰু অর্থনৈতিক বিনিময় প্ৰসাৰিত কৰাৰ লগতে পৰ্যটন উদ্যোগক যে প্রভৃত অৰিহণা যোগাই আহিছে, এয়া সত্য। কেৱল ধর্মীয় দৃষ্টিৰেই নহয়, ঐতিহাসিক বা পুৰাতাত্ত্বিক দিশৰ পৰাও নীলাচলৰ কামাখ্যা মন্দিৰ ভিন্ন ধৰ্মাৱলম্বী দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু। অসমবাসীৰ বাবে এয়া গৌৰৱৰ কথা। প্রকৃতিপ্রদত্ত সমলেৰে চহকী অসম পৰ্যটকৰ বাবে ভূস্বৰ্গ স্বৰূপ। এক কথাত পর্যটন উদ্যোগৰ ৰম্যভূমি হ'ব পৰা সকলো সম্ভাৱনা বহন কৰিছে অসমে। পৰিৱেশ আৰু বন্যপ্রাণী পৰ্যটনৰ ক্ষেত্ৰত অসমে ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ মানচিত্ৰত বিশেষ স্থান অধিকাৰ কৰি আহিছে। কাজিৰঙা, মানাহ, পবিতৰা, ডিব্ৰু ছৈখোৱাৰ দৰে বন্যপ্রাণী তথা প্রাকৃতিক সম্পদেৰে চহকী ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য সমৃদ্ধ অসম বিদেশী পর্যটকৰ চিনাকি নাম।
অসমত কি নাই! বিশ্বপ্রসিদ্ধ এশিঙীয়া গঁড়, বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা ময়ূৰদ্বীপ খ্যাত ক্ষুদ্রতম নদীদ্বীপ উমানন্দলৈকে, জাতিংগাৰ পৰা পবিতৰাৰ পৰিভ্ৰমী চৰাই, ছৈখোৱাৰ বনৰীয়া ঘোঁৰা, হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ 'হোলোক গিবন লৈকে অসমত প্রাকৃতিক তথা বন্যপ্রাণী পৰ্যটনৰ সমল অসংখ্য। চৰকাৰেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণেৰে পর্যটন উদ্যোগটোক শক্তিশালী কৰাৰ চেষ্টা কৰি আহিছে। এটা কথা উল্লেখযোগ্য যে প্রভূত সম্পদশালী হোৱাৰ পাছতো এটা সময়ত অসম কেৱল কামাখ্যা মন্দিৰ বা কাজিৰঙাৰ বাবেহে বিখ্যাত আছিল। সেই সময় এতিয়া বাৰুকৈয়ে সলনি হ'ল। এতিয়া অসম চৰকাৰে নন সম্পদ আৰু অনাৱিষ্কৃত বা বহিঃবিশ্বৰ বিশেষ চকুত নপৰাকৈ ৰৈ যোৱা কেতবোৰ স্থানক পুনৰ ভালদৰে পৰিচয় কৰাই দিবলৈ আৰম্ভ কৰিছে। পর্যটন উদ্যোগক এনে পদক্ষেপে সমৃদ্ধিশালী কৰিছে। ডিমা হাছাওৰ পানীমূৰ জলপ্রপাত ইয়াৰ অন্যতম উদাহৰণ। কিন্তু প্রাকৃতিক বা বন্যপ্রাণী পৰ্যটনৰ তুলনাত ধর্মীয় বা পুৰাতাত্ত্বিক পর্যটন, সাংস্কৃতিক পর্যটন ইত্যাদিত এতিয়াও বহু কৰণীয় আছে। ধর্মীয় পৰ্যটনৰ দিশৰ পৰা কামাখ্যা মন্দিৰৰ এক সুকীয়া পৰিচয় আছে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা পৌৰাণিক আৰু ঐতিহাসিক বহু মঠ-মন্দিৰ, পীঠ তথা ক্ষেত্ৰ এতিয়াও অৱহেলিত। বহু পৰ্যটন ক্ষেত্ৰৰ ধৰ্মীয় দিশৰ উপৰি পুৰাতাত্ত্বিক আৰু ঐতিহাসিক দিশেৰে ব্যাপক সম্ভাৱনা থকাৰ পাছতো তেনে স্থানসমূহ চর্চালৈ নহাকৈয়ে ৰৈ গৈছে। বিশেষকৈ গোৱালপাৰাৰ সূর্য পাহাৰ, দেওপাহাৰৰ ভগ্নাৱশেষ ইত্যাদিয়ে ব্যাপক পৰ্যটনৰ সম্ভাৱনা কঢ়িয়ায় যদিও এইবোৰৰ উপযুক্ত ৰক্ষণাবেক্ষণ নোহোৱাৰ অভিযোগ উঠি অহাটো নতুন কথা নহয়। অসমৰ শিৱসাগৰৰ শিৱদৌল, জয়সাগৰ ইত্যাদিৰ ঐতিহাসিক সমলসমূহৰ উপৰি মাজুলীৰ সত্র তথা ঢেকীয়াখোৱা বৰনামঘৰ, বৰপেটাৰ কীৰ্তনঘৰ ইত্যাদি ইতিহাসপ্রসিদ্ধ সমলে অসমৰ ঐতিহ্য আৰু পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে কঢ়িয়াই আহিছে। চৰকাৰে এনে সমলসমূহৰ চোৱা-চিতা ভালকৈয়ে কৰি আহিছে বুলি বোধ হয়। কিন্তু তাৰ মাজতো অসমৰ বাহিৰৰ বা দেশৰ বাহিৰৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ যেন বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। বৰপেটাৰ দৌল উৎসৱৰ দৰে পৰম্পৰাসমূহক বৃন্দাবনৰ দৌল উৎসৱৰ দৰেই পৰ্যটনৰ বিশেষ কেন্দ্রবিন্দুলৈ পৰিণত কৰিব পৰাৰ সম্ভাৱনা আছে যদিও এই ক্ষেত্রত পদক্ষেপ সীমিত হৈ থকা যেন বোধ হয়।
আনহাতে, বিভাগৰ দ্বাৰা অৱহেলিত হৈ থকা বহু সমল এতিয়াও লোকচক্ষুৰ পৰা আঁতৰত অনাদৃত হৈ পৰি থকা দেখা গৈছে। আহোম যুগৰেই বহু সমল অনাদৃত হৈ পৰি আছে। উত্তৰ কাছাৰৰ ডিমা হাছাওৰ ফালে কছাৰী আৰু ডিমাচা ৰজাদিনীয়া বহু পুৰাতাত্ত্বিক সমল বিশেষ ৰক্ষণাবেক্ষণ নোপোৱাকৈ অনাদৃত হৈ পৰি আছে। এনে উদাহৰণ অনেক। পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ বা বটদ্ৰৱা থানৰ নৱ ৰূপেৰে চৰকাৰে ধৰ্মীয় পৰ্যটনৰ দিশটোক শক্তিশালী কৰাৰ চেষ্টা কৰিছে যদিও উল্লিখিত বিষয়বোৰত গুৰুত্ব প্ৰদানৰ সময় আহিছে। কেৱল ধর্মীয় পর্যটনেই নহয়, বহনক্ষম পৰ্যটনৰ বাবে উপযুক্ত সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰাটো এতিয়া সময়ৰ আহ্বান। দেশৰ অৰ্থ ব্যৱস্থা শক্তিশালী কৰিবৰ বাবে পর্যটন উদ্যোগৰ ভূমিকা অনস্বীকার্য। শেহতীয়াকৈ সাংস্কৃতিক পর্যটনৰ ক্ষেত্ৰত অসম চৰকাৰে কিছু ভৱিষ্যদর্শী পদক্ষেপ গ্রহণ কৰা দেখা গৈছে। এয়া নিশ্চয়কৈ পর্যটন উদ্যোগৰ বাবেই সুখৰ খবৰ। বিগত বৰ্ষৰ শেষৰফালে পাশ্চাত্যৰ ৰষ্টাৰ প'ষ্ট মেলনৰ কনচাৰ্ট আয়োজনেৰে অসমে 'কনচার্ট টুৰিজিম'ৰ সূচনা কৰিছিল। এই লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল যদিও এই কনচাৰ্টৰ পৰা যে অসমলৈ বুজন পৰিমাণৰ ৰাজহ আহিছিল তাক অস্বীকাৰ কৰিব নোৱাৰি। এই বছৰো নৱেম্বৰ মাহৰ সোতৰ তাৰিখে পাশ্চাত্যৰ ৰণ্ডে guns and roses-এ অসমত কনচাৰ্ট অনুষ্ঠিত কৰিব। অসমৰ বাবে এয়া ইতিবাচক খবৰ। অসমৰ আর্থ-সামাজিক উন্নয়নৰ বাবেই এনেবোৰ বিষয়ত বিতর্ক নোহোৱাকৈ তথা গঠনমূলক সমালোচনাৰ মাজেৰে চৰকাৰ তথা জনতা উভয়েই বহনক্ষমভাৱে পৰ্যটনৰ উদ্যোগটোক শক্তিশালী কৰাৰ চেষ্টা চলোৱা উচিত। অম্বুবাচী মেলাৰ ক্ষেত্ৰতো বিতর্ক অনেক হয়। কিন্তু সকলোৱে সহযোগ কৰিলে ইয়াক লৈ সময়ে সময়ে হোৱা বিতৰ্কৰ অন্ত পৰাৰ উপৰি শান্তি আৰু সম্প্ৰীতিৰ এক শুভবাৰ্তাও প্ৰেৰণ কৰাটো সম্ভৱ হৈ উঠিব। উন্নয়নৰ বাবে সম্ভাৱনাৰ দুৱাৰখন আমি সকলোৱেই খুলি ৰখা উচিত।