দিল্লীৰ বিষাক্ত বায়ুৰ বিষয়ত নীতিন গডকাৰি, 'ৰাষ্ট্ৰীয় ৰাজধানীত দুটা দিন থাকিলোঁ, দেহত ৰোগৰ সংক্ৰমণ হ'ল'

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ বিষয়ত কেৱল বিৰোধী দলবোৰেই সৰৰ হৈ থকা নাই, শাসকীয় বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীয়েও ৰাষ্ট্ৰীয় ৰাজধানীখনৰ প্ৰদূষণক লৈ নিজৰ উদ্বেগ প্রকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰিয়ে দিল্লীৰ বিষাক্ত বায়ুৰ সন্দৰ্ভত কয় যে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত দুটা দিন অতিবাহিত কৰাৰ পাছতেই তেওঁৰ দেহত ৰোগৰ সংক্ৰমণ হয়। 

প্রবীণ সাংবাদিক উদয় মহুৰকাৰৰ এখন গ্রন্থ উন্মোচনী সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গডকাৰিয়ে কয় যে দেশৰ ৰপ্তানি বৃদ্ধি কৰি আমদানি হ্রাস কৰিলেহে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয়তাবাদ সম্ভৱ হ'ব। তেওঁ কয় যে তেওঁ কেৱল দুটা দিনহে দিল্লীত আছিল আৰু ইয়াৰ পাছতে তেওঁৰ দেহত ৰোগৰ সংক্ৰমণ হয়। দিল্লীত কিয় এনেধৰণৰ প্ৰদূষণ হৈছে বুলি তেওঁ প্রশ্ন কৰে। গডকাৰিয়ে কয় যে তেওঁ পৰিবহণ মন্ত্ৰী, ৪০% প্ৰদূষণ পৰিবহণ খণ্ডৰ বাবে হয়। জীৱাশ্ম ইন্ধনৰ বাবেই এইটো হৈছে। দেশে ২২ লাখ কোটি টকা জীৱাশ্ম ইন্ধন আমদানিত ব্যয় কৰে আৰু ইয়াৰ বাবে প্ৰদূষণ বৃদ্ধি হৈছে। ইয়াত ৰাষ্ট্ৰীয়তাবাদ কি হ'ল? তেওঁ কয় যে জনসাধাৰণে পৰিৱেশ অনুকূল প্রযুক্তি গ্রহণ কৰিবলৈ নিবিচৰাটো দুঃখজনক বিষয়। আত্মনিৰ্ভৰ ভাৰতৰ অধীনত বিকল্প ইন্ধন আৰু জৈৱ ইন্ধন ভাৰতে প্রস্তুত কৰিব নোৱাৰে নেকি বুলি গডকাৰিয়ে প্রশ্ন কৰে।

Share This