ডিজিটেল ডেস্ক : নীতিন নবীনে কালি বিজেপিৰ দ্বাদশ সভাপতিৰ পদ গ্ৰহণ কৰে। কালি পুৱা ইয়াত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত নবীনক সভাপতি ৰূপে নির্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে সোমবাৰে তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে সভাপতি নির্বাচিত হয় যদিও দলটোৱে কালি আনুষ্ঠানিকভাবে এই ঘোষণা কৰে। সভাপতি পদৰ নিৰ্বাচনত নবীন একমাত্র প্রার্থী আছিল। উল্লেখযোগ্য যে যোৱা ১৪ ডিচেম্বৰত নবীনক বিজেপিৰ কাৰ্যকৰী সভাপতি ৰূপে নিযুক্ত কৰা হৈছিল।কালি সভাপতি নির্বাচিত হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নবীনক দলৰ সভাপতিৰ কক্ষলৈ লৈ যায়। ইয়াৰ পাছত প্রধানমন্ত্রীয়ে তেওঁক মালা পিন্ধাই আৰু মিঠাই খুৱাই। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ হাতত ধৰি সভাপতিৰ আসনত বহুৱায়। নবীনে তেওঁৰ নিযুক্তি-পত্ৰত স্বাক্ষৰ কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পিঠিত থপৰিয়ায়। সেই সময়ত প্ৰধানমন্ত্ৰীৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহ মন্ত্রী অমিত শ্বাহ, বিদায়ী সভাপতি জে পি নড্ডাসহ দলটোৰ আগশাৰীৰ নেতা আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল। ইয়াৰ আগতে নবীনে দলৰ মুখ্য কার্যালয়ত প্রধানমন্ত্রী মোদীক আদৰণি জনায়। কাৰ্যভাৰ গ্ৰহণৰ সময়ত নবীনৰ পত্নী দীপমালা, পুত্র নৈতিক আৰু কন্যা নিত্যাও উপস্থিত আছিল। প্রধানমন্ত্রীয়ে নবীনৰ আঢ়ৈ বছৰীয়া কন্যা নিত্যাক কোলাতো লয়। নবীনৰ কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রায় ৫৫ মিনিটৰ ভাষণত কয়, 'মই বিজেপিৰ কর্মী। মই নীতিন ডাঙৰীয়াক মোৰ 'বছ' বুলি গ্ৰহণ কৰিছোঁ। এতিয়া তেওঁ মোৰ কাম-কাজ পর্যালোচনা কৰিব।' প্রধানমন্ত্রীয়ে ভাষণত কংগ্রেছক লক্ষ্য কৰি কয়, '১৯৮৪ চনত কংগ্রেছে ৪০০তকৈ অধিক আসন জয় কৰিছিল আৰু দেশে যে কংগ্রেছক প্রায় ৫০% ভোট দিছিল সেই কথা দেশে আজি পাহৰিলে, কিন্তু এতিয়া কংগ্রেছে ১০০খন আসনৰ বাবে হাহাকাৰ কৰিছে।' কংগ্রেছে কেতিয়াও নিজৰ ব্যাপক পতনৰ পৰ্যালোচনা নকৰে কিয়নো পর্যালোচনা কৰিলে আৰু পতনৰ কাৰণসমূহ বিশ্লেষণ কৰিলে কংগ্ৰেছক দখল কৰি ৰখা পৰিয়ালটোৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা হ'ব। সেয়েহে, দলটোৱে কাৰণ বিচাৰি ফুৰে। পতনৰ সঠিক কাৰণ বিচাৰি উলিওৱাৰ সাহসো দলটোৱে হেৰুৱাই পেলাইছে। যি কংগ্ৰেছৰ বেয়াখিনিৰ পৰা আঁতৰি থাকিব তেওঁহে দেশত আগবাঢ়ি যাব।'
অনুপ্ৰৱেশকাৰীৰ প্রসংগত প্রধানমন্ত্রীয়ে কয়, 'এতিয়া অনুপ্ৰৱেশকাৰী দেশৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা। বিশ্বৰ সমৰ্থৱান দেশসমূহে নিজৰ দেশত থকা অনুপ্রৱেশকাৰীৰ অনুসন্ধান আৰম্ভ কৰিছে আৰু তেওঁলোকৰ কৰায়ত্ত কৰি দেশৰ পৰা বাহিৰ কৰি দিছে। বিশ্বত কোনেও নিজৰ দেশত অনুপ্ৰৱেশকাৰীক গ্ৰহণ নকৰে, ভাৰতেও নিজৰ দৰিদ্ৰ, যুৱক-যুৱতীক লুট কৰাৰ অধিকাৰ অনুপ্ৰৱেশকাৰীক নিদিয়ে। অনুপ্ৰৱেশকাৰী দেশৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি, তেওঁলোকক চিনাক্ত কৰি নিজৰ দেশলৈ ঘূৰাই পঠিওৱাটো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ডেৰ-দুবছৰত দেশত বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। এই সময়ছোৱাত হোৱা ছখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে চাৰিখনত জয়লাভ কৰিছে। প্রধানমন্ত্রীয়ে কয়, 'বিজেপি এক শিষ্টাচাৰ। বিজেপি এটা পৰিয়াল। আমাৰ ইয়াত সদস্যপদতকৈ সম্পর্ক অধিক। বিজেপিত এনেকুৱা এক পৰম্পৰা আছে য'ত পদবীৰ নহয়, প্রক্রিয়াৰে চলে। আমাৰ ইয়াত পদবী এক ব্যৱস্থা আৰু কাৰ্যভাৰ সমগ্ৰ জীৱনৰ দায়িত্ব। ইয়াত সভাপতি সলনি হয়, কিন্তু আদর্শ সলনি নহয়। নেতৃত্ব সলনি হয়, কিন্তু দিক্ সলনি নহয়।' ইফালে, সভাপতি হিচাপে দিয়া প্রথমটো ভাষণত নবীনে কয়, 'ৰাষ্ট্ৰীয় সভাপতি ৰূপে মোৰ নিৰ্বাচন এক সাধাৰণ কৰ্মীৰ অসাধাৰণ যাত্ৰাৰ প্ৰতি সন্মান।' তেওঁ কয়, 'আমি নিজৰ নিজৰ অংশ ত্যাগ কৰিব লাগিব।' তেওঁ প্রধানমন্ত্রী মোদীক সমালোচনা কৰি কয়, 'আমি কর্মী হিচাপে প্রধানমন্ত্রী মোদীৰ দেশ সেৱাৰ হকে কাম কৰা দেখিছোঁ। আপোনাক দেখি এই কথা শিকিছোঁ যে যি ব্যক্তিয়ে নিজকে জনসাধাৰণৰ আৱেগৰ সৈতে জড়িত কৰিব পাৰে তেওঁ মহান ব্যক্তি হ'ব পাৰে। আপুনি আমি বিকাশৰ কাম কৰা বুলি কৈছে। মানুহে আমাৰ পৰা আশা কৰে। আমাৰ সৈতে জড়িত হৈ পৰিছে।' তেওঁ পুনৰ কয়, 'প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যেতিয়া অনুচ্ছেদ ৩৭০ বাতিল হ'ল তেতিয়াই কাশ্মীৰৰ পৰিৱেশ সলনি হ'ল। আমি ৰাষ্ট্ৰ প্ৰথম, পার্টি পাছত আৰু নিজকে একেবাৰে শেষত আদৰ্শৰে কাম কৰোঁ। আমি এনেকুৱা এটা ৰাজনৈতিক দলৰ সৈতে জড়িত য'ত ৰাজনীতি ক্ষমতা নহয়, সাধনা। ৰাজনীতি ভোগ নহয়, ত্যাগ। ৰাজনীতি আৰাম-বিলাস নহয়, তপস্যা। ৰাজনীতি কোনো পদবী নহয়, দায়িত্ব। আমি নিজৰ অংশ ত্যাগ কৰিব লাগিব।
উল্লেখযোগ্য যে নীতিন নবীন বিজেপিৰ সভাপতি পদ গ্রহণ কৰা সর্বকনিষ্ঠ ব্যক্তি। তেওঁ ৪৫ বছৰ বয়সত বিজেপিৰ সভাপতিৰ পদ গ্ৰহণ কৰে। ১৯৮০ চনৰ ২৩ মে'ত জন্মগ্রহণ কৰা নবীনে পাটনাৰ চি বি এছ ইৰ অধীনৰ এখন স্কুলত দশম শ্রেণীলৈকে পড়ে আৰু পাছত দিল্লীত ১৯৯৮ চনত দ্বাদশ শ্রেণী উত্তীর্ণ হয়। বিজেপিৰ এসময়ৰ আগশাৰীৰ নেতা কিশোৰ প্ৰসাদ সিন্হাৰ পুত্ৰ নবীন পাঁচবাৰ বিহাৰ বিধানসভালৈ নির্বাচিত হৈছে। ২০০৬ চনত তেওঁ সক্রিয় ৰাজনীতিত প্ৰৱেশ কৰে।