ডিজিটেল ডেস্ক : জন সূৰৰ্য পাৰ্টিৰ প্ৰতিষ্ঠাপক প্রশান্ত কিশোৰে শুকুৰবাৰে দাবী কৰে যে বিহাৰ বিধানসভাৰ আগন্তুক নির্বাচন মুখ্যমন্ত্রী নীতিশ কুমাৰৰ 'ৰাজনৈতিক শ্রাদ্ধ' হ'ব।
পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত 'বিহাৰ বদলাও ৰেলী'ত এসময়ত নির্বাচনী ৰণকৌশল তৈয়াৰ কৰোঁতা কিশোৰে এই মন্তব্য কৰে।
তেওঁ আৰু কয় যে বিহাৰৰ জনসাধাৰণক নীতিশ কুমাৰ, আৰ জে ডিৰ সভাপতি লালু প্রসাদ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিৰাশ কৰিছে। প্রশান্ত কিশোৰে কয়, 'আহক আমি এইখন চৰকাৰ ওফৰাই পেলোৱাৰ সংকল্প লওঁ।'