শৃংখলাৰ পৰা বাহিৰ নীতিশ

dainik janambhumi July 22, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজত বুধবাৰে আৰম্ভ হ'ব চতুর্থ টেষ্ট। তাৰ আগেয়ে ভাৰতীয় দলে আন এক আঘাত সহিবলগীয়া হৈছে। শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টৰ পৰা বাহিৰ হৈছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী। চলিত শৃংখলাৰ শেষৰ দুখন টেষ্টত খেলিছিল নীতিশে। আঁঠুৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টত খেলিব নোৱাৰিব। সোমবাৰে ভাৰতীয় ক্রিকেট ব'র্ডে এই কথা জানিবলৈ দিছে। 

জিমত অনুশীলন চলোৱাৰ সময়ত আঘাত পোৱা নীতিশে স্বদেশ অভিমুখে উৰা মাৰিব। ইফালে, নেটত অনুশীলনৰ সময়ত আঙুলিত আঘাত পোৱা অর্শদীপ সিঙে চতুর্থ টেষ্টত খেলিব নোৱাৰিব। তেওঁ পঞ্চম টেষ্টত খেলাৰ সম্ভাৱনা আছে। আনহাতে, দললৈ আমন্ত্রণ পোৱা অনছুল কমবুজে চতুর্থ টেষ্টত খেলিব নে নাই সেই কথা ব'র্ডে প্রকাশ কৰা নাই। উল্লেখযোগ্য যে চলিত শৃংখলাত ভাৰতীয় দলে ইটোৰ পাছত সিটো আঘাতৰ সন্মুখীন হৈছে। লর্ডছত আঘাতপ্রাপ্ত হয় ঋষভ পণ্ট আৰু আকাশদীপ। কঁকালৰ আঘাত সমস্যাত ভুগিছে আকাশদীপে। সেয়ে চতুর্থ টেষ্টত তেওঁৰ অংশগ্রহণত অনিশ্চয়তা আছে। 

এনে পৰিস্থিতিত যশপ্রীত বুমৰাহ আৰু আকাশদীপক একেলগে খেলাব নোৱাৰিব ভাৰতে। প্রশিক্ষক গৌতম গম্ভীৰে সেয়ে বলিং আক্রমণ সলনি কৰিবলৈ বাধ্য হৈছে। আকাশদীপে খেলিব নোৱাৰিলে দললৈ পুনৰ উভতিব পাৰে প্ৰসিদ্ধ কৃষ্ণই। প্রথম দুখন টেষ্টত দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবে তেওঁ তৃতীয় টেষ্টত সুযোগ নাপালে।

Share This