ডিজিটেল ডেস্ক : বিহাৰত আটাইতকৈ বেছি সময় সেৱা আগবঢ়োৱা মুখ্যমন্ত্রী নীতিশ কুমাৰে বৃহস্পতিবাৰে এটা বিশাল অনুষ্ঠানত অভিলেখসংখ্যক দশমবাৰৰ বাবে মুখ্যমন্ত্রীৰূপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, এন ডি এ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ বাবে অস্থায়ী মঞ্চ নিৰ্মাণ কৰা গান্ধী ময়দানত কুমাৰে শপত গ্ৰহণ কৰে। মঞ্চত থকাসকলৰ ভিতৰত বুধবাৰেই পাটনাত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও আছিল।
আনহাতে প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম এক্সত নীতিশ কুমাৰক অভিনন্দন জনাই কয়, 'বিহাৰৰ মুখ্যমন্ত্রীৰূপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰ ডাঙৰীয়ালৈ অভিনন্দন। বহু বছৰৰ সু-প্ৰশাসনৰ প্ৰমাণিত ট্ৰেক ৰেকৰ্ডেৰে তেওঁ এজন অভিজ্ঞ প্রশাসক। তেওঁৰ আগন্তুক কার্যকালৰ বাবে তেওঁলৈ মোৰ শুভেচ্ছা।' কুমাৰৰ উপৰি কালি ২৬জন মন্ত্রীয়েও শপত গ্রহণ কৰে। সেইসকলৰ ভিতৰত আছে বিজেপিৰ ১৪জন, জে ডি ইউৰ ৮জন, এল জে পি (ৰামবিলাস) ২জন, হামৰ এজন আৰু আৰ এল এমৰ এজন। শপত গ্ৰহণ কৰা সকলৰ ভিতৰত আছে পূৰ্বৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী সম্রাট চৌধাৰী আৰু বিজয় কুমাৰ সিনহা। এওঁলোকক নিৰ্বাচনৰ ফল ঘোষণাৰ পাছত বিজেপিৰ নেতা আৰু উপ-নেতা নিৰ্বাচন কৰা হৈছিল।
এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, তেলুগু দেশম পাৰ্টিৰ নেতা তথা অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ, মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা উপস্থিত থাকে। উল্লেখযোগ্য যে সদ্যসমাপ্ত বিহাৰ বিধানসভাৰ নির্বাচনত বিজেপি ৮৯খন আসনেৰে সংখ্যাগৰিষ্ঠ দলত পৰিণত হয়।