ডিজিটেল ডেস্ক : এটা অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্রীয়ে 'নকাব' (বোখা) আঁতৰোৱাৰ পাছত এগৰাকী মহিলা চিকিৎসকে চৰকাৰী চাকৰি কৰিবলৈ অমান্তি হোৱা বুলি প্ৰচাৰ হোৱা উৰাবাতৰিৰ পাছত শুকুৰবাৰে এজন চৰকাৰী বিষয়াই কয় যে চিকিৎসক গৰাকীয়ে কামত যোগদান কৰিব।
পাটনাৰ চৰকাৰী তিব্বী মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ মাহফুজুৰ ৰহমানে সংবাদ প্রতিষ্ঠানক জনায় যে আয়ুষৰ চিকিৎসক নুচৰত পাৰৱীনৰ পৰিয়ালে নিশ্চিত কৰিছে যে শনিবাৰে তেওঁ কামত যোগদান কৰিব।
উল্লেখযোগ্য যে যোৱা সোমবাৰে নিযুক্তি-পত্ৰ সংগ্ৰহ কৰিবলৈ পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়ুষৰ চিকিৎসকসকল সমৱেত হওঁতে সংঘটিত হোৱা ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছত ৰাজনৈতিক বিতর্ক-সমালোচনাৰ সৃষ্টি হৈছিল। উক্ত চিকিৎসকগৰাকীয়ে নিজৰ নিযুক্তি-পত্ৰ গ্ৰহণ কৰিবলৈ আহোঁতে নীতিশ কুমাৰে তেওঁৰ 'নকাব'খন আঁতৰাইছিল। তাৰ পাছত গুজব ওলাইছিল যে পাৰৱীনে চাকৰি কৰিবলৈ অমান্তি হৈছে।