ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন জিলাৰ কেইবাটাও শিক্ষাখণ্ডৰ নিম্ন প্রাথমিক বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষৰ দুমাহ পাৰ হোৱাৰ পাছতো লাভকৰা নাই পাঠ্যপুথি। পাঠ্যপুথি নোপোৱাকৈ ৯ জুনৰ পৰা সমগ্ৰ শিক্ষাৰ পৰীক্ষা আৰু ২০ জুনৰ পৰা মান নিৰূপণত শিক্ষার্থীসকল অৱতীৰ্ণ হ'ব লাগিব। ইফালে শিক্ষাসেতু এপৰ আসোঁৱাহৰ বাবে শিক্ষার্থীৰ উপস্থিতি দিব নোৱাৰা বহু বিদ্যালয়ক মধ্যাহ্ন ভোজনৰ পুঁজি যোগান ধৰা বন্ধ ৰখা হৈছে। আৱশ্যকীয় পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ পুঁজি মোকলাই দিয়াৰ দাবীত ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্রকাশ কৰে যে, সন্মিলনীৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা কৰ্মপৰিষদৰ সভাত একাংশ শিক্ষাখণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি যোগান নোপোৱা আৰু শিক্ষাসেতু এপত উপস্থিতি দিব নোৱাৰাৰ হেতু বিভিন্ন জিলাৰ বহু সংখ্যক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পুঁজিৰ যোগান বন্ধ ৰখা প্ৰসংগত বিস্তাৰিত আলোচনা কৰা হয়। এই দুয়োটা প্রসংগত ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী আৰু সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই প্রয়োজনীয় দাবী উত্থাপন কৰি অহা সত্ত্বেও বিভাগীয় কর্তৃপক্ষই উদাসীন আৰু নির্বিকাৰ ভূমিকা পালন কৰি অহাত প্রাথমিক শিক্ষক সন্মিলনীৰ কৰ্মপৰিষদৰ সভাই গভীৰ উদ্বেগ প্রকাশ কৰে।
বিবৃতিটোত প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰে যে বিভাগে প্রকাশ কৰা চলিত শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী অনুসৰি অহা ২০ জুনৰ পৰা নিম্ন প্রাথমিক বিদ্যালয়সমূহত অনুষ্ঠিত হ'ব প্রথম সাময়িকী মান নিৰূপণ। কিন্তু প্রথম সাময়িকী মান নিৰূপণলৈ সন্মুখত কুৰি দিনতকৈও কম সময় থকা অৱস্থাতো তিনিচুকীয়া জিলাৰ শদিয়া, শ্রীভূমি জিলা, লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ড, যোৰহাট জিলা, ডিব্ৰুগড় জিলাৰ টেঙাখাট শিক্ষাখণ্ড, কামৰূপ মহানগৰ জিলাৰ প্ৰাগজ্যোতিষপুৰ শিক্ষাখণ্ড চতুৰ্থ শ্ৰেণীৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী বিষয়ৰ পাঠ্যপুথিখন পোৱা নাই।
পূব যোৰহাট শিক্ষাখণ্ডৰ দ্বিতীয় শ্ৰেণীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আজিলৈকে পোৱা নাই ইংৰাজী বিষয়ৰ পাঠ্যপুথি। একেদৰে শোণিতপুৰ জিলাৰ বালিপৰা শিক্ষাখণ্ড আৰু ঢেকীয়াজুলি শিক্ষাখণ্ডৰ চতুৰ্থ শ্ৰেণীৰ বহু সংখ্যক ছাত্র-ছাত্রীয়ে পোৱা নাই গণিতৰ পুথি। ঢেকীয়াজুলি শিক্ষাখণ্ডত তৃতীয় শ্ৰেণীৰ গণিত, স্পন্দন (অসমীয়া), আমাৰ পৰিৱেশ আৰু ইংৰাজী বিষয়ৰ পাঠ্যপুথি বহু ছাত্র-ছাত্রীয়ে পোৱা নাই। এই শিক্ষাখণ্ডটোত চতুর্থ শ্ৰেণীৰ বহু সংখ্যক ছাত্র-ছাত্রীয়েও পোৱা নাই আমাৰ পৰিৱেশ পুথিখন। চলিত বর্ষত 'ক' শ্রেণী, প্রথম শ্ৰেণীৰ উপৰি আন বিভিন্ন শ্রেণীত নতুন নামভৰ্তিৰ হেতু উল্লিখিত শিক্ষাখণ্ডসমূহকে ধৰি ৰাজ্যখনৰ আন বহু শিক্ষাখণ্ডতে অসংখ্য ছাত্র-ছাত্রীয়ে আজি পর্যন্ত পাঠ্যপুথি লাভ নকৰাকৈয়ে খালী হাতে বিদ্যালয়লৈ আহি থাকিব লগা হৈছে বুলি বিবৃতিটোত অভিযোগ কৰে প্ৰাথমিক শিক্ষক সম্মিলনীৰ সভাপতি আৰু সম্পাদকে।
উল্লেখযোগ্য যে, সম্পূর্ণ পাঠ্যপুথি যোগান নধৰাকৈয়ে অহা ২০ জুনৰ পৰা আৰম্ভ হ'ব লগা প্রথম সাময়িকী মান নিৰূপণৰ পূৰ্বে সমগ্র শিক্ষাই ৰাজ্যজুৰি অহা ৯ জুনৰ পৰা ১২ জুনলৈ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈ পৰীক্ষাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশে জিলাসমূহলৈ নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমযোগে খবৰ প্ৰচাৰিত হৈছে। যদি এয়া সঁচা হয়, তেন্তে পঢ়িবলৈ ছাত্ৰ-ছাত্ৰীৰ হাতত পাঠ্যপুথি নথকাকৈয়ে চলিত জুন মাহত এসপ্তাহৰ ব্যৱধানত তৃতীয়, চতুর্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দুটাকৈ পৰীক্ষাত বহিব লাগিব। সমগ্ৰ শিক্ষাৰ এনে অবিবেচক কাৰ্যৰ প্ৰতিবাদ কৰি বিবৃতিটোত প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকে অভিযোগ তুলি কয়- এনে টোগলকী কাৰ্যৰে দৰাচলতে পৰিকল্পিতভাৱে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ অনীহা সৃষ্টিৰে ছাত্ৰ-ছাত্ৰী হ্রাস কৰিবলৈ ষড়যন্ত্র চলোৱা হৈছে, যাতে বিদ্যালয়বোৰ এফালৰ পৰা বন্ধ কৰিব পৰা যায়।
শিক্ষাসেতু এপত শিক্ষার্থীৰ উপস্থিতি নাপাই মধ্যাহ্ন ভোজনৰ পুঁজিৰ যোগান বন্ধ ৰখাটোও এনে পৰিকল্পনাৰে অংশ বুলি শিক্ষক নেতাদ্বয়ে অভিযোগ কৰে। ধনৰ অভাৱত মধ্যাহ্ন ভোজন বন্ধ থকাটোৱেই আইনৰ উলংঘন। অথচ সমগ্ৰ শিক্ষাৰ যুক্তিহীন কঠোৰ পদক্ষেপৰ ফলত এনেদৰে আইন উলংঘাৰে একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ ৰাখিবলৈ বাধ্য কৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। যদি ৰাজ্যখনৰ সকলো শিশুৱে গুণগত ৰাজহুৱা শিক্ষা নিশ্চিতভাৱে লাভ কৰাটোৱেই সমগ্র শিক্ষা তথা প্রাথমিক শিক্ষা বিভাগৰ আন্তৰিক ইচ্ছা, তেন্তে অহা ১৫ জুনৰ ভিতৰত প্ৰয়োজনীয় সম্পূর্ণ পাঠ্যপুথি ছাত্র-ছাত্ৰীক যোগান ধৰাৰ লগতে এপৰ বিসংগতি তথা টেবলেটৰ বিজুতিৰ বাবে 'শিক্ষাসেতু'ত উপস্থিতি দিব নোৱাৰাৰ দোষত মধ্যাহ্ন ভোজনৰ বাবে বন্ধ ৰখা ধন মোকলাই দিবলৈ তেওঁলোকে দাবী জনায়। আনহাতে, পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা নামভর্তি প্রক্রিয়া সম্পন্ন হোৱাৰ পিছত এপ্রিল মাহত বিদ্যালয়সমূহৰ অতিৰিক্ত আৱশ্যকীয় পাঠ্যপুথিৰ হিচাপ সংগ্রহ কৰি দ্বিতীয়বাৰ সেই হিচাপ মতে পাঠ্যপুথি যোগান ধৰিবলৈ আৰু 'শিক্ষাসেতু' এপত শিশুৰ মুখৰ আহাৰ বন্ধ নাৰাখি শাৰীৰিক উপস্থিতিৰ ভিত্তিতহে মধ্যাহ্ন ভোজনৰ পুঁজি মোকলাই দিয়াৰ পূৰ্বৰ ব্যৱস্থা ওভতাই আনি নিয়মীয়াকৈ শিশুৰ ভোকৰ ভাতসাঁজৰ যোগান অব্যাহত ৰাখিবলৈ বিবৃতিটোৰ জৰিয়তে ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষা বিভাগ আৰু সমগ্র শিক্ষাক দাবী জনায়।
অন্যথা শেহতীয়া কৰ্ম পৰিষদৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজহুৱা বিদ্যালয়ত ছাত্র-ছাত্রী হ্রাস কৰাৰ পৰিকল্পনা উফৰোৱাৰ উদ্দেশ্যে পাঠ্যপুথিৰ যোগান সম্পূর্ণ কৰা আৰু বন্ধ ৰখা মধ্যাহ্ন ভোজনৰ ধন মোকলাই দিয়াৰ দাবীত প্রাথমিক শিক্ষক সন্মিলনীয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি বিবৃতিযোগে হুংকাৰ দিয়া হয়।