'পাকিস্তানৰ বিৰুদ্ধে কোনো স্পষ্ট কৌশল নাই চৰকাৰৰ '

dainik janambhumi May 04, 2025

ডিজিটেল ডেস্ক : কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ বিষয়ত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে। কংগ্রেছে অভিযোগ কৰে যে পহলগামত ২৬জন নিৰীহ লোকক হত্যা কৰাৰ ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিশোধ কল্পে একো ব্যৱস্থা গ্রহণ কৰা নাই। 

শুকুৰবাৰে কংগ্ৰেছ ৱর্কিং কমিটীৰ (চি ডব্লিউ চি) বৈঠকৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন
খর্গেই কয় যে পহলগামত বৰ্বৰ আক্ৰমণৰ পাছত প্রতিশোধ কল্পে লোৱা ব্যৱস্থাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্পষ্ট কৌশল কংগ্রেছে প্রত্যক্ষ কৰা নাই। 

পাকিস্তানক এশিকনি দিবলৈ আৰু সন্ত্রাসবাদক নির্মূল কৰিবলৈ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংঘবদ্ধ প্রচেষ্টা প্ৰদৰ্শন কৰাৰ এয়া উচিত সময় বুলি খর্গেই কয়। পহলগামত আক্ৰমণটোৰ মূল ষড়যন্ত্রকাৰী আৰু সন্ত্রাসবাদীবোৰে তেওঁলোকৰ বৰ্বৰ কাৰ্যৰ বাবে পৰিণাম ভুগিবই লাগিব বুলি খগেই কয়। আনহাতে, চি ডব্লিউ চিৰ বৈঠকত পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা আৰু চোৰংচোৱাৰ ব্যৰ্থতাৰ কথা পুনৰ দোহাৰে।

Share This