ইৰানক পাৰমাণৱিক অধিকাৰৰ পৰা বিশ্বৰ কোনেও বঞ্চিত কৰিব নোৱাৰে

dainik janambhumi April 20, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ কোনো দেশেই ইৰানক পাৰমাণৱিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গতিকে ইৰানে মর্যাদাসহকাৰে যুদ্ধৰ পৰিসমাপ্তি হোৱাটো বিচাৰে। এই মন্তব্য ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ। 

আমেৰিকাৰে পাৰমাণৱিক আলোচনা আৰু আঞ্চলিক নিৰাপত্তাৰ বিষয়ত বিতর্ক অব্যাহত থকাৰ মাজতে পেজেস্কিয়ানে আমেৰিকাক উদ্দেশ্য কৰিয়ে এই মন্তব্য কৰিছে। সংবাদ প্রতিষ্ঠান আল আজিৰাই প্রকাশ কৰা তথ্য অনুসৰি ইৰানে যুদ্ধখন অধিক আগবঢ়াই নিব নিবিচাৰে, কাৰণ দেশখনে সদায় আঞ্চলিক শান্তি আৰু সুস্থিৰতা বজাই ৰখাতহে গুৰুত্ব দি আহিছে। 

আল জাজিৰাই পেজে স্কিয়ানৰ উদ্ধৃতিৰে কয় যে তেহৰানে কেতিয়াও যুদ্ধক সমর্থন নকৰে আৰু আন দেশৰ ওপৰত অনাহকত আক্ৰমণৰ কোনো চিন্তাও নকৰে।

Share This