ডিজিটেল ডেস্ক : কানাডাৰ সৈতে তাৎক্ষণিকভাৱে বাণিজ্য আলোচনা বাতিল কৰিবলৈ সিদ্ধান্ত লৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। বৃহৎ প্রযুক্তি কোম্পানীসমূহক লক্ষ্য কৰি কানাডাই এটা কৰ নীতি বলৱৎ কৰিবলৈ বিচৰাৰ বাবে আমেৰিকাই দেশখনৰ সৈতে বাণিজ্য বিষয়ক আলোচনা বাতিল কৰিছে বুলি ৰাষ্ট্ৰপতি ট্রাম্পে কয়। উল্লেখযোগ্য যে জুলাইৰ মাজভাগত আমেৰিকাই চুবুৰীয়া কানাডাৰ সৈতে এখন বাণিজ্য চুক্তি কৰাৰ দিশত কাৰ্যপন্থা লৈছিল। কিন্তু ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই শেহতীয়া পদক্ষেপে দুয়োখন চুবুৰীয়া দেশৰ মাজত সম্ভাব্য বাণিজ্য চুক্তিৰ দিশত আউল লাগিল।
চলিত বৰ্ষত ৰাষ্ট্ৰপতি ট্রাম্পে 'শুল্ক যুদ্ধ' আৰম্ভ কৰাৰ পাছত দুয়োখন দেশেই উভয়ৰ বিৰুদ্ধে সামগ্ৰীত শুল্ক আৰোপ কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কানাডাৰ সৈতে শেহতীয়াকৈ এখন বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ বিষয়েও ব্যক্ত কৰিছিল।
কিন্তু শুকুৰবাৰে সামাজিক মাধ্যমত ট্রাম্পে প্রকাশ কৰে যে কানাডাৰ সৈতে আমেৰিকাই কোনো বাণিজ্য আলোচনা নকৰে। প্ৰযুক্তি কোম্পানীবোৰৰ বিৰুদ্ধে অভাৱনীয় কৰ আৰোপৰ বিষয়ত কানাডাই পদক্ষেপ ল'ব বুলি বুলি মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে অভিযোগ কৰে। সেইবাবে আলোচনাৰ পৰিৱৰ্তে অহা সপ্তাহত কানাডাৰ পৰা অহা সামগ্ৰীত নতুন শুল্ক আৰোপৰ বিষয়ে ঘোষণা কৰিব বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়।