চেউনী বটদ্ৰৱা কলিয়াগোসাঁই থানত সংৰক্ষণ, আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৫ শতিকাৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰি গাঁৱত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ ভাগৱত পুথি। গাঁওখনৰ মাজভাগত অৱস্থিত ঐতিহাসিক চেউনী বটদ্ৰৱা কলিয়াগোসাঁই থানত সযতনে সংৰক্ষিত হৈ আছে এই সাঁচিপাতৰ ভাগৱত পুথি। 

চেউনী বটদ্ৰৱা কলিয়া গোসাঁই থানত ঐতিহাসিক ভাগৱত পুথিভাগ সংৰক্ষিত হৈ থকাৰ খবৰে এতিয়া পুথিভাগক লৈ আকর্ষণ বৃদ্ধি পাইছে ৰাইজৰ মাজত। জানিব পৰা মতে, সাঁচিপাতৰ ভাগৱত পুথিৰ উপৰি আন এভাগ সাঁচিপাতৰ পুথিও সংৰক্ষিত হৈ আছে এই ঐতিহাসিক থানখনত। অৱশ্যে এভাগ পুথিৰ কেইটামান পাতৰ কিছু অৱক্ষয় হৈছে যদিও সেয়া বিশেষজ্ঞৰ দ্বাৰা ঠিক কৰি ল'ব পৰা যাব বুলিও থান পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। 

গাঁওখনৰ ঐতিহাসিক থানখনত শ শ বছৰ ধৰি সংৰক্ষিত হৈ থকা এই সাঁচিপাতৰ ভাগৱত পুথি শ্রীমন্ত শংকৰদেৱ আৰু শ্রীমন্ত মাধৱদেৱ গুৰু দুজনাৰ তিথিত পাঠ কৰা হয়। যিটো সময়ত অসমৰ বিভিন্ন স্থানত থকা গুৰু দুজনাৰ দিনৰ সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণৰ অভাৱত অৱক্ষয় হোৱা বুলি শুনিবলৈ পোৱা যায় সেই সময়ত জামুগুৰিহাটৰ শলগুৰি গাঁৱত চেউনী বটদ্ৰৱা কলিয়াগোসাঁই থানত এইদৰে ১৫ শতিকাৰ পুথি সংৰক্ষিত হৈ থকাটো এটা ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।

Share This