ডিজিটেল ডেস্ক : সুদীর্ঘ ২৮ বছৰৰ পাছত বিশ্ব কাপ ফুটবললৈ যোগ্যতা আহৰণ কৰিলে নৰৱেই। কোৱালিফায়িঙৰ খেলত ইটালিক ৪-১ গ'লত হৰুৱাই বিশ্ব কাপৰ মূল আঠলৈ আগবাঢ়ে নৰৱে। ১৯৯৮ চনত নৰৱেই শেষবাৰলৈ বিশ্ব কাপত খেলিছিল। তাৰকা ফুটবলাৰ আর্লিং হেলান্দৰ জৰিয়তে বিশ্ব ফুটবলৰ পাৰপত্ৰ লাভ কৰে নৰৱেই।
নৰৱেৰ হাতত পৰাজয়ৰ পাছত আকৌ এবাৰ বিশ্ব কাপলৈ যোগ্যতা আহৰণ অনিশ্চিত হৈ পৰিল ইটালিৰ। যোৱা দুখন বিশ্ব কাপলৈ যোগ্যতা আহৰণত ব্যর্থ হৈছিল ৪ বাৰৰ বিশ্ব জয়ী ইটালি। বিশ্ব কাপৰ যোগ্যতা আহৰণৰ খেলখনত ইটালিক পোনতে অগ্রগতি দিবলৈ ১১ মিনিটত ফ্রানছেস্কো পিয়ো এছপোছিতে।
প্রথমার্ধ্বত এগ'লত পিছ পৰি ৰোৱা নৰৱেই দ্বিতীয়ার্ধ্বত আক্ৰমণৰ চোক সৃষ্টি কৰে। ইয়াৰ সুফল পালে নৰৱেই। আৰু ৬৩ মিনিটত সমতা স্থাপন কৰে এন্টনিঅ' নুছাই। ইয়াৰ পাছত আর্লিং হালান্দে ৭৮ আৰু ৭৯ মিনিটত দুটা গ'ল দি ব্যৱধান ৩-১ কৰে। আনহাতে, ইনজুৰী টাইমত নৰৱেৰ হৈ চতুৰ্থটো গ'ল দিয়ে যুৰ্গেন ষ্ট্ৰাণ্ড লাৰছেনে।