ডিজিটেল ডেস্ক: ভাৰত - সঞ্চাৰ নিগম লিমিটেডৰ (বি এছ এন এল) সঞ্চালক বিবেক বানজালৰ উত্তৰ প্ৰদেশৰ প্রয়াগৰাজলৈ প্ৰস্তাৱিত বিলাসী চৰকাৰী ভ্রমণক লৈ বিতৰ্কৰ সূত্রপাত হোৱাৰ পাছত কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সঞ্চালকজনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নির্দেশ দিছে।
কেন্দ্রীয় মন্ত্রীজনে কয় যে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ কৰা হৈছে আৰু সঞ্চালক বিবেকৰ কাণ্ডক তেওঁ অনুপযুক্ত আৰু গ্রহণযোগ্য নহয় বুলি আখ্যা দিয়ে। চৰকাৰী বিষয়াসকলে প্রকাশ কৰা মতে, বি এছ এন এল ব'ৰ্ডৰ সঞ্চালক বানজালে ২৫-২৬ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজ ভ্ৰমণ কৰাৰ সূচী আছিল।
আনহাতে, তেওঁৰ এটা চৰকাৰী আদেশ ভাইৰেল হোৱাৰ পাছতে সঞ্চালকজনৰ ভ্ৰমণ বাতিল কৰা হয়। সঞ্চালক বানজালে দিয়া আদেশ অনুসৰি, ৫০জন চৰকাৰী বিষয়াক ২০টা কামৰ দায়িত্ব দিয়া হৈছিল। প্ৰয়াগৰাজত উপস্থিত হোৱাৰ পাছতে তেওঁ 'সংগম'ত স্নান কৰাৰ সূচী আছিল। ইয়াৰ পাছত তেওঁ নৌকা ভ্রমণ, বড়ে হনুমান মন্দিৰ দৰ্শন, পাতালপুৰী মন্দিৰ দৰ্শন কৰাৰ সূচী আছিল।
বিষয়াসকলক বানজালে দিয়া আদেশটোত এখন টাৱেল, অন্তর্বাস, ছেণ্ডেল, ফণি, আইনা আৰু তেলৰ বটলৰ সু-ব্যৱস্থা কৰিবলৈও দিয়া হৈছিল আৰু এখন বিছনা চাদৰৰো ব্যৱস্থা কৰিবলৈও দিয়া হৈছিল।
আনহাতে, হোটেলত থকা সময়ত ড্রাই ফ্ৰুটছ, ফল-মূলৰ লগতে বিভিন্ন সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছিল বানজালে। সঞ্চালক বানজালৰ এই চৰকাৰী আদেশ ভাইৰেল হোৱাৰ পাছতে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।