ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ ১নং কাঠপাৰাৰ ডকাইতি কৰিবলৈ অহা তিনি ডকাইতৰ ৰাইজৰ গণ প্ৰহাৰত মৃত্যু। নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ডকাইতি কৰিবলৈ আহিছিল ১০-১২ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল।
ৰাইজে চাৰিজন ডকাইতক খেদি খেদি আটক কৰি উত্তম মধ্যম সোধায়।
নিশাই আৰক্ষীয়ে চাৰি ডকাইতক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱায়।
প্ৰথমে দুজন ডকাইতৰ মৃত্যু হয় কিছু সময় পিছতে আৰু এজন ডকাইতৰ মৃত্যু হয়।
মৃত্যু হোৱা তিনি ডকাইত ক্ৰমে কদমগুৰিৰ চফিউল্লাহ আৰু ইনামূল হক আৰু ১নং সোণাজুৰিৰ আজিবুৰ ৰহমান ওৰফে(খাইৰুল) বুলি জানিব পৰা গৈছে।
আনফালে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পূব লৰীৰমুখৰ ৰেকিব উদ্দিন নামৰ ডকাইতটো।
উৎস : প্ৰাগ নিউজ ডিজিটেল