পুনৰ বিতৰ্কত এন টি এ, ইউ জি চি-নেটৰ প্ৰশ্নকাকত পৰীক্ষাৰ আগত বিতৰণ হৈছিল

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন প্রধান প্রধান পৰীক্ষা অনুষ্ঠিত কৰা নেশ্যনেল টেষ্টিং এজেন্সি (এন টি এ) পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। পুনৰ অভিযোগ উত্থাপন হৈছে পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশৰ। এইবাৰ অভিযোগ উত্থাপন হৈছে ২০২৬ চনৰ জুনত অনুষ্ঠিত ইউ জি চি-নেটৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ। 

অভিযোগ মতে, ইউ জি চি-নেটৰ সমাজতত্ত্বৰ প্ৰশ্নকাকতৰ সৈতে সম্পর্ক থকা ১০০ পৃষ্ঠাৰ পি ডি এফ প্রশ্নকাকত পৰীক্ষাৰ আগত বিতৰণ হৈছিল আৰু ইয়াত থকা প্রায় ৯০টা প্ৰশ্নৰ প্ৰকৃত প্ৰশ্নকাকতৰ সৈতে মিল আছিল। লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বুধবাৰে চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ তুলি সমালোচনা কৰাৰ পাছতে এই বিতৰ্ক বিয়পি পৰে। সামাজিক মাধ্যম এক্সত এখন প্রতিবেদন শ্বেয়াৰ কৰি গান্ধীয়ে দাবী কৰে যে কেৱল এন টি এৰ ওচৰতহে থকা প্ৰশ্নকাকত পৰীক্ষাৰ আগতে ফাদিল হ'ল। তেওঁ কয়, 'যোৱা সপ্তাহৰ ইউ জি চি-নেট পৰীক্ষাৰ সন্দৰ্ভত উত্থাপন হোৱা গুৰুতৰ অভিযোগ অতি আশ্চর্যজনক। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ মাত্ৰ কেইসপ্তাহ পাছতে, এতিয়া বাতৰি প্ৰকাশ হৈছে যে ইউ জি চি-নেট পৰীক্ষাৰ আগত প্ৰশ্নৰ ১০০ পৃষ্ঠাৰ পি ডি এফ বিতৰণ হৈছিল।' গান্ধীয়ে অভিযোগ কৰে যে বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী আৰু ৰাজস্থানত উক্ত পি ডি এফ প্রশ্নকাকত ২.২৫ লাখ টকাত বিক্রী হৈছে। তেওঁ আৰু দাবী কৰে যে একেটা চক্ৰই চি এছ আই আৰ-নেট, এইচ টি ই টি আৰু এ ডি এৰ দৰে আগন্তুক পৰীক্ষাৰ প্ৰশ্নকাকত যোগান ধৰাৰ প্ৰস্তাৱ দিছে। 

নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰাৰ সময়তে নতুন এই প্রশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছে। ইফালে এই অভিযোগৰ সন্দৰ্ভত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এন টি এক ১০০ পৃষ্ঠাৰ পি ডি এফ প্রশ্নকাকতৰ সন্দৰ্ভত সত্য উদ্‌ঘাটন কৰিবলৈ নিদের্শ দিছে। আনহাতে, বৃহস্পতিবাৰে ইউ জি চি-নেট পৰীক্ষাৰ খেলি-মেলিৰ বাবে কংগ্ৰেছে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক পদত্যাগ দাবী কৰাৰ উপৰি এন টি এ ভংগ কৰিবলৈ দাবী জনায়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যমত কয় যে নীট-ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত মে' মাহত ফাদিল হোৱাৰ পাছত 'মন্ত্রী প্রধান'-এ ঘোষণা কৰিছিল যে নীট পৰীক্ষা অহা বছৰৰ পৰা কম্পিউটাৰ ভিত্তিক (চি বি টি) হ'ব। প্রতিশ্রুতি দিছিল যে চি বি টি প্রশ্নকাকত কলম-কাগজৰ পৰীক্ষাৰ দৰে ফাদিল হ'ব নোৱাৰে। ৰমেশে আৰু কয়, 'এতিয়া বাতৰি প্ৰকাশ হৈছে যে চি বি টি হোৱা সত্ত্বেও ইউ জি চি-নেট পৰীক্ষাৰ সমাজতত্ত্ব বিষয়ৰ প্ৰশ্নকাকত ফাদিল হ'ল। মন্ত্রী প্রধানে পদত্যাগ কৰিবই লাগিব আৰু এন টি এ ভংগ কৰিবই লাগিব।' 


উল্লেখযোগ্য যে নীট-ইউ জি প্রশ্নকাকত ফাদিলৰ বাবে শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কক্ৰ'চ জনতা পার্টিয়ে (চি জে পি) দিল্লীৰ যন্তৰ মন্তৰত ২৮ জুনৰ পৰা প্ৰতিবাদ কৰি আছে আৰু জলবায়ু কর্মী সোণম বাংচুকে অনির্দিষ্টকালীন অনশন কৰি আছে ।

Share This