নুমলীগড় হাইস্কুল চেম্পিয়ন, পিলিক চৌধুৰী ৰাজ্যিক স্কুল ফুটবল

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ নুমলীগড় হাইস্কুল দলে এইবৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অনূর্ধ্বৰ ল'ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্রতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজন্যত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাজ্যিক প্রতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ফাইনেলত নুমলীগড় হাইস্কুলে ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে চিৰাং জিলাৰ উৰ্বশী ব্রহ্ম সোঁৱৰণী হাইস্কুলক। 

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নুমলীগড় হাইস্কুলৰ হৈ প্ৰথমটো গ'ল দিয়ে খেলৰ ২১ মিনিটত অনির্বাণ হাজৰিকাই। ইয়াৰ ১৩ মিনিট পাছত তামশ দৈমাৰীয়ে আন এটা গ'ল দি ব্যৱধান ২-০লৈ বৃদ্ধি কৰে। খেলৰ ৫৫ মিনিটত নুমলীগড় হাইস্কুলৰ হৈ তৃতীয়টো গ'ল দিয়ে উৎপল বড়োবে। অনির্বাণক শ্রেষ্ঠ খেলুৱৈৰ বঁটা দিয়া হয়। প্রতিযোগিতাৰ চেম্পিয়ন হোৱাৰ পাছত এতিয়া নুমলীগড় হাইস্কুল দলে বেংগালুৰুত ২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ঐতিহাসিক সুব্রত কাপ ফুটবলৰ ল'ৰাৰ ১৫ বছৰ অনূর্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্রতিনিধিত্ব কৰিব। 

ফাইনেলৰ অন্তত হোৱা সামৰণী অনুষ্ঠানত বিশিষ্ট আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভড়ালী, জ্যেষ্ঠ ক্রীড় সাংবাদিক, ফুটবলাৰ তথা প্রশিক্ষক পৱিত্ৰ গগৈ, প্রাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ চাৱন থাপাই টুফী, মেডেল আৰু চে'কসমূহ প্রদান কৰে। বিজয়ী দলটোৰ খেলুৱৈসকল ক্রমে অনির্বাণ, অমৰজিৎ কলিতা, কৌস্তভ সোণোৱাল (দুয়ো গ'লৰক্ষক), ৰিহান দাও, পৱিত্ৰ বৰা, দর্পণজ্যোতি বৰুৱা, ভাস্কৰ শইকীয়া, যতীশ বসুমতাৰী, টমাছ, ৰক্তোপল দত্ত, উৎপল, ডৰিন নেওগ, দৰ্শিল বৰা, ৰক্তিম নাৰ্জাৰী আৰু ৰাজ তাঁতী। প্রশিক্ষক নিত্যানন্দ লয়িং, মেনেজাৰ ৰবীন দত্ত।

Share This