ভাৰতত সক্ৰিয় কভিড ৰোগীৰ সংখ্যা সামান্য হ্রাস

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্ক : ভাৰতত সক্রিয় কভিড ৰোগীৰ সংখ্যা সামান্য হ্রাস পাইছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে প্রকাশ কৰা তথ্য মতে শনিবাৰে সক্রিয় কভিড ৰোগীৰ সংখ্যা ৭,৩৮৩ গৰাকী থকাৰ বিপৰীতে দেওবাৰে দেশত সক্রিয় কভিড ৰোগীৰ সংখ্যা আছিল ৭,২৬৪ গৰাকী। 

কৰ'নাৰ সংক্রমণ সামান্যতম হ্রাস পালেও যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ দেশত মৃত্যু হৈছে ১১গৰাকী লোকৰ। মৃত্যু হোৱা সকলৰ অধিকাংশই হৈছে পূর্বেই স্বাস্থ্যৰ অৱস্থা বেয়া থকা বয়সস্থ লোক। মৃত্যু হোৱা সকলৰ ভিতৰত আছে মধ্য প্রদেশ, দিল্লী তথা ছত্তিশগড়ৰ এজনকৈ লোক। 

অবিৰতভাৱেই কেৰালাত কৰ'নাত সংক্রমিত লোকৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক (১,৯২০)। ইয়াৰ পাছতে আছে গুজৰাট (১,৪৩৩) আৰু মহাৰাষ্ট্র (৫৪০)। অৱশ্যে কৰ'নাৰ সংক্রমণ হ্রাস পাইছে।

Share This