বংগ মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা ৪১জনলৈ বৃদ্ধি, মন্ত্ৰিত্বৰ শপত ৩৫গৰাকী বিধায়কৰ

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ শুভেন্দু অধিকাৰী নেতৃত্বাধীন মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ অংশ ৰূপে ৩৫গৰাকী বিধায়কে শপত গ্রহণ কৰে। শপত গ্রহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে প্রখ্যাত সাংবাদিক তথা বিজেপিৰ বিধায়ক স্বপন দাশগুপ্তা, ২০২৪ চনত তৃণমূল কংগ্রেছ ত্যাগ কৰা তাপস ৰয় তথা ১৯৯১ চনৰ পৰা ২০২১ চনলৈ চি পি এমৰ সৈতে জড়িত আৰু পাছত বিজেপিত যোগদান কৰা শংকৰ ঘোষ। 

লোক ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী অধিকাৰী, মন্ত্রীসভাৰ ইতিমধ্যে শপতগ্ৰহণ কৰা মন্ত্ৰীসকল আৰু ৰাজ্য প্ৰশাসনৰ আমোলাসকলৰ উপস্থিতিত ৰাজ্যপাল আৰ এন ৰৱিয়ে মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ ১৩গৰাকী বিধায়কে কেবিনেট মন্ত্রীৰূপে, তিনিগৰাকীয়ে ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ৰূপে আৰু ১৯গৰাকীয়ে ৰাজ্য মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে। 

উল্লেখযোগ্য যে যোৱা ৯ মে'ত মুখ্যমন্ত্ৰী অধিকাৰীৰ সৈতে আন ৫গৰাকী কেবিনেট মন্ত্রীয়ে শপতগ্রহণ কৰিছিল। উক্ত ৬গৰাকী আৰু সোমবাৰৰ ৩৫গৰাকী ধৰি ৰাজ্যখনৰ মন্ত্রীসভাত এতিয়া ৪১জন মন্ত্রী হ'ল। ২৯৪জন বিধায়ক থকা পশ্চিম বংগ বিধানসভাত সংবিধান মতে ৪৪ গৰাকী মন্ত্রী থাকিব পাৰে। উল্লেখযোগ্য যে যোৱা ৯ মে'ত মন্ত্ৰী ৰূপে শপতগ্রহণ কৰিছিল দক্ষিণ আচানচোলৰ বিধায়িকা অগ্নিমিত্রা পালে। কালি ৰাজ্য মন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰী (স্বতন্ত্র) হিচাপে শপতগ্রহণ কৰা ৫ গৰাকীকে ধৰি শুভেন্দু অধিকাৰীৰ নেতৃত্বৰ সমগ্র মন্ত্রীসভাত ৬গৰাকী মহিলা থাকিব।

Share This