ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ চাৰিখন ৰাজ্য সভাৰ আসনত নেশ্যনেল কনফাৰেন্সে (এন চি) ৩খনত আৰু বিজেপিয়ে ১খন আসনত জয়ী হ'বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে ৩৭০ অনুচ্ছেদ কেন্দ্রীয় শাসিত ৰাজ্যখনত ৰদ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দেশৰ উচ্চ সদনৰ বাবে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ পৰা সাংসদ নির্বাচিত কৰা হৈছে।
আনহাতে, পঞ্জাবৰ পৰা বিনা-প্রতিদ্বন্দ্বিতাৰে আপৰ প্ৰাৰ্থী ৰাজিন্দৰ গুপ্তা ৰাজ্য সভালৈ নির্বাচিত হয়। এই ফলৰ পাছত ৰাজ্য সভাৰ ২৪৫জনীয়া সাংসদৰ ভিতৰত ইণ্ডিয়া মৰ্চাৰ ১৩৩জন সাংসদ হ'ল। ইয়াৰ বিপৰীতে এন ডি এৰ ৮০জন সাংসদহে ৰাজ্য সভাত আছে।