সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী

Kakali Deka July 15, 2025

ডিজিটেল ডেস্ক: মহিলা সবলীকৰণৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ময়ূৰভঞ্জ জিলাৰ ৪৫ বছৰীয়া সন্ধ্যা ৰাণী মাঝীয়ে ওড়িশাত চৰকাৰী বাহন চালক হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা  গাড়ী চালক হিচাপে পৰিগণিত হয়।

ওড়িশা চৰকাৰে অলপতে সন্ধ্যাৰাণী মাঝীক এই নিযুক্তি দিছে ৷ বৰ্তমান সন্ধ্যাৰাণী ওড়িশা চৰকাৰৰ বাণিজ্য, পৰিবহণ, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব ঊষা পাধিৰ চৰকাৰী গাড়ী চালক ৷ বিগত জুন মাহত ওড়িশা চৰকাৰে সন্ধ্যাৰাণীক এই নিযুক্তি দিছে ৷ সন্ধ্যাৰ দৰে এগৰাকী অভিজ্ঞ-সুদক্ষ গাড়ী চালকক পাই যথেষ্ট সুখী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকীও ৷

সন্ধ্যাৰাণীয়ে কয় "মোক মোৰ মা, দাদাহঁতে বহুত মানা কৰিছিল ৷ কৈছিল এইবোৰ মহিলাৰ কাম নহয় ৷ তই নোৱাৰিবি ৷ কিন্তু মই মোৰ সিদ্ধান্ত সলনি নকৰিলোঁ ৷ এদিন ওড়িশা চৰকাৰৰ বিজ্ঞাপন পালোঁ, গাড়ী চালক পদৰ বাবে ৷ আৱেদন কৰিলোঁ ৷ চাকৰিটো পাই মই অত্যন্ত সুখী ৷"


২০১১ চনত লঘু মটৰ গাড়ীৰ অনুজ্ঞাপত্ৰ লাভ কৰি তাৰ পিছত ২০২৩ চনত গধুৰ মটৰ গাড়ীৰ অনুজ্ঞাপত্ৰ লাভ কৰে, ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ অধীনত জাজপুৰ জিলাৰ ছটিয়া ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত সন্ধ্যাই একেখন জিলাৰ যশিপুৰ অঞ্চলত এজন চালকৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পিছত টেক্সি চলাবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে পাৰিবাৰিক দায়িত্বৰ বাবে আনকি ভুৱনেশ্বৰৰ এখন বিউটি পাৰ্লাৰতো কাম কৰিছিল বুলিও সন্ধ্যাৰাণীয়ে কয়।

বাণিজ্য আৰু পৰিবহণ বিভাগৰ প্ৰধান সচিব‌ ঊষা পাধিয়ে' x 'পোষ্টত লিখিছে, ‘সন্ধ্যাৰাণীৰ চকাৰ পিছফালে কৰা সাহসী যাত্ৰাই লিংগ কু-সংস্কাৰক ছিন্ন-ভিন্ন কৰি পেলায় আৰু ওড়িশাৰ অগণন মহিলাৰ বাবে পৰিৱৰ্তনক আগুৱাই নিয়াৰ পথ মুকলি কৰে।

 সন্ধ্যাৰ এই নিযুক্তিয়ে ৰাজ্যৰ কৰ্মশক্তিত মহিলা সবলীকৰণ আৰু অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক অগ্ৰগতি স্বৰূপ।  এজন বিষয়াই কয় যে তেওঁৰ নিষ্ঠা আৰু দক্ষতাই কেৱল তেওঁৰ নিজৰ সফলতাৰ পথ প্ৰশস্ত কৰাই নহয়, পৰম্পৰাগতভাৱে অপ্ৰতিনিধিত্বশীল ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ আনকো অনুপ্ৰাণিত কৰিছে।

Share This