ডিজিটেল ডেস্ক : উচ্চতম নায়ালয়ে শুকুৰবাৰে চিকিৎসকসকলক কোনো বিশেষ কোম্পানীৰ ঔষধৰ নাম প্ৰেছক্রিপশ্যনত নিলিখিবলৈ কয়। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে চিকিৎসকসকলৰ প্ৰতি এই বুলি আহ্বান জনায় যে তেওঁলোকে ৰোগীৰ বাবে জেনেৰিক ঔষধৰ নামহে লিখিব লাগে।
উল্লেখযোগ্য যে ইয়াৰ আগতে ৰাজস্থান উচ্চ ন্যায়ালয়েও একে ধৰণৰ ৰায় দিছিল। ঔষধ কোম্পানীসমূহৰ সৈতে জড়িত এখন এখন আবেদনৰ শুনানী লৈ উচ্চতম ন্যায়ালয়ে এই মন্তব্য দিয়ে। আবেদনখনত ঔষধ কোম্পানীবোৰৰ বিৰুদ্ধে মইমতালীৰ অভিযোগ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ে অলপতে দিয়া এটা নির্দেশত কয়, 'চিকিৎসকসকলে ৰোগীৰ বাবে জেনেৰিক ঔষধৰ নাম লিখিব লাগিব। চিকিৎসকসকলে কোনো বিশেষ কোম্পানীৰ ঔষধৰ নাম লিখিব নোৱাৰে। এই সিদ্ধান্তই চিকিৎসা খণ্ডত সংস্কাৰ সাধন কৰাৰ আশা কৰা হৈছে।' উল্লেখযোগ্য যে চিকিৎসকসললে ঔষধ কোম্পানীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ প্রায়ে শুনা যায়। জেনেৰিক ঔষধৰ নাম লিখিলে এই অভিযোগো নোহোৱা হৈ পৰিব বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।