ডিজিটেল ডেস্কঃ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ ১২ আৰু ১৪ বছৰ অনূৰ্ধ্বৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫খন ৰাজ্যৰ প্ৰায় ১৮০গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷
উল্লেখযোগ্য যে ২০২৪ত ১৩খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কাৰণ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল অহা ১৪ জুলাইৰ পৰাহে আৰম্ভ হ’ব৷ শনি আৰু দেওবাৰে দূয়োটা বয়স শাখাৰ ল’ৰা-ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা নিৰ্ণয়কাৰী খেলহে অনুষ্ঠিত হ’ব৷
গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ উভয় বয়স শাখাৰে একক তথা ডাবলছৰ মেচ অনুষ্ঠিত হ’ব৷ উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷
অসমৰ প্ৰায় ৫০গৰাকী খেলুৱৈয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখনত যোগদান কৰা অন্য ৰাজ্যকেইখন হ’লঃ দিল্লী, উত্তৰ প্ৰদেশ, বংগ, মহাৰাষ্ট্ৰ, ছট্টীশগড়, ওড়িশা, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ঝাৰখণ্ড, উত্তৰাখণ্ড, তামিলনাডু, বিহাৰ আৰু মণিপুৰ৷
উৎস : প্ৰাগ নিউজ ডিজিটেল