ডিজিটেল ডেস্ক : মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ মহিলা আৰু শিশু কল্যাণৰ বাবে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গ্ৰহণ কৰা প্ৰকল্প 'অইল আৰোগ্য'ৰ বাবে দ্বাদশ সংখ্যক গ্রীনটেক চি এছ আৰ ইণ্ডিয়া এৱাৰ্ড সোণৰ পদক প্ৰদান কৰে। উল্লেখযোগ্য যে অইলৰ এই প্ৰকল্পই প্রধানকৈ প্রজনন, মাতৃ, নৱজাতক, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য উন্নীতকৰণত গুৰুত্ব আৰোপ কৰি আহিছে।
সেয়েহে এই উপলক্ষে যোৱা ১৩ মে'ত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত জনসম্পর্ক বিভাগৰ মুখ্য মহা প্ৰবন্ধক দিগন্ত কুমাৰ বৰা আৰু একে বিভাগৰে চি এছ আৰ শাখাৰ মুখ্য প্ৰবন্ধক নয়না মধু দত্তই উক্ত বঁটাটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। মহিলা, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য উন্নয়নত প্রকল্প 'অইল আৰোগ্য'ৰ প্ৰভাৱ আৰু ফলপ্রসূতা প্ৰদৰ্শন কৰি জুৰি পেনেলৰ সন্মুখত অইলৰ দলটোৱে কৰা বিশদ উপস্থাপন আৰু ইণ্টাৰেক্টিভ প্রশ্নোত্তৰ অধিৱেশনৰ পাছতে অইলক এই স্বীকৃতি প্রদান কৰা হয়। এই বঁটাই অইল কর্মাঞ্চলসমূহত প্রয়োজনভিত্তিক, প্ৰভাৱশালী আৰু ফলপ্রসূ চি এছ আৰ পদক্ষেপসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অইলে প্রতিশ্রুতি প্ৰদান কৰি দৃঢ়তাৰে কাম কৰি আহিছে। বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডি জি) আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে সামঞ্জস্য ৰাখি কৌশলগত হস্তক্ষেপৰ জৰিয়তে অইলে তৃণমূল পর্যায়ত স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ দিশত থকা চৰকাৰৰ প্ৰচেষ্টাত সহায় আগবঢ়াই আহিছে।
মন কৰিব লগীয়া যে 'অইল আৰোগ্য'ই মহিলা, শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত স্বাস্থ্য সেৱাৰ সহজলভ্যতা আৰু সজাগতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ ফলস্বৰূপে ২০১৩ চনত আৰম্ভ কৰি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে 'অইল আৰোগ্য'ই গ্ৰামাঞ্চলৰ সামগ্রিকভাৱে ১.৬৬ লাখৰো অধিক হিতাধিকাৰীৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। ২০২৫-২৬ বিত্তীয় বর্ষটোতেই এই প্রকল্পই অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ অইল কর্মাঞ্চলসমূহৰ ৪০,৭০০ৰো অধিক হিতাধিকাৰীক সামৰি লৈছে।