ডিজিটেল ডেস্কঃ দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ৰাজস্থানৰ বাখৃতিব্বা, অর্থাৎ ডি এছ এফ ব্লকত দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে গেছৰ উৎপাদন কাৰ্য আৰম্ভ কৰিছে। এই ব্লকটো পশ্চিম ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ শুকান ভূ-খণ্ডত অৱস্থিত।
উল্লেখযোগ্য যে উন্নয়নৰ সময়ছোৱাতে ৩ এম ডব্লিউ পি কূপ সফলতাৰে খনন কৰি ডি এছ এফ তৃতীয় ব্লকৰ পৰা অতি কম সময়তে মুদ্ৰাকৰণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ইয়াৰ ফলত পশ্চিম ৰাজস্থানৰ জয়ছালমেৰ জিলাৰ বাখৃতিব্বা ব্লকৰ পৰা ৬৭২০০ এছ চি এম ডি গেছৰ যোগান সম্ভৱ হৈছে আৰু অনাগত দিনত উৎপাদন ১০০ এম এছ চি এম ডিলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে উদ্যোগ প্রতিষ্ঠানটোৰ এই সাফল্যই স্থিতিস্থাপকতা, সমাধান আৰু দায়বদ্ধতাৰ প্ৰতি থকা অইলৰ অটল প্রতিশ্রুতিক প্রতিফলিত কৰিছে। অইলৰ কৰ্মীসকলে সীমান্ত অঞ্চলৰ পৰা শক্তিৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ প্ৰত্যাহ্বানপূৰ্ণ মৰুভূমিৰ পৰিস্থিতিত কাম কৰি আছে।