ডিজিটেল ডেস্ক : বনৰীয়া হাতীৰ বিচৰণস্থলী হিচাপে খ্যাত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত অইল ইণ্ডিয়া লিমিটেডক হাইড্ৰ'কার্বন উদঘাটনৰ বাবে বনাঞ্চলৰ ৪.৯ হেক্টৰ সংৰক্ষিত বনভূমিত ভাৰত চৰকাৰৰ বন অধিনিয়ম ১৯৮০ৰ অনুসৰি অনুমতি প্রদান কৰিছে। আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ (পশ্চিম খণ্ড) ৰ অন্তৰ্গত, ডিগবৈ বন সংমণ্ডলৰ লক্ষীপথাৰ খণ্ড (এৰ পৰা ই লৈ)ত এই অনুমতি প্রদান কৰা হৈছে। এই সমস্ত এলেকাটো দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে।
বৰ্তমান খাদ্যৰ সংকটত প্রায়ে এই অঞ্চলত বনৰীয়া হাতী জনাঞ্চললৈ ওলাই আহি ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে। তাৰ পাছতো সকলো কথা জানি-শুনিও উক্ত বনাঞ্চলৰ মাজতে অইল ইণ্ডিয়াক ড্রিলিং কৰিবলৈ অনুমতি দিয়া বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ বন পৰামৰ্শদাতা কমিটীয়ে তেওঁলোকৰ শেহতীয়া বৈঠকত অনুমোদন জনোৱা বিষয়টোত স্থানীয় লোকৰ লগতে প্রকৃতিবিদসকলেও আশ্চর্য প্রকাশ কৰিছে।
পৰামৰ্শদাতা কমিটীৰ প্ৰস্তাৱ মতে নির্দিষ্ট অঞ্চলটো মুকলি কৰিবৰ বাবে ১৩৫ জোপা গছ কাটিব লাগিব। অঞ্চলটোৰ গছৰ আচ্ছাদন ঘনত্ব ০.৪ (ইক' ক্লাছ-১)। এনেকুৱা এটা প্রাকৃতিক পৰিৱেশ ধ্বংস কৰি হাইড্ৰ'কাৰ্বনৰ খননৰ বাবে অনুমতি প্রদান কৰাৰ পাছতে বহু প্রশ্ন উত্থাপিত হৈছে।
প্রথমটো হ'ল দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত ২০২৪ চনৰ হাতী গণনা অনুসৰি ৫০০ ৰো অধিক হাতী আছে। তেল খননে এই প্রাণীসমূহক চলাচল কৰাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। খনন কাৰ্যৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ লগতে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ শংকা দুগুণে বৃদ্ধি পাব।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া বনাঞ্চলত স্তন্যপায়ী প্রাণীৰ ৪৭টা প্রজাতি, তাৰ ভিতৰত ৭ টা প্ৰজাতিৰ বান্দৰ, ৭ টা প্ৰজাতিৰ মেকুৰী আছে। ইয়াৰ উপৰি বাঘ, নাহৰফুটুকী, চীনা পেংগলিন, ভালুক আদিৰ দৰে বিৰল প্ৰজাতিৰ প্ৰাণী ইয়াত বাস কৰে। এই বনাঞ্চলত ২৯৩ প্রজাতিৰ পক্ষীও পোৱা যায়। পূবৰ আমাজন হিচাপে পৰিচিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ বৰ্ষাৰণ্যৰ শেষ অৱশিষ্ট স্বৰূপ। গতিকে এই ৰাষ্ট্ৰীয় উদ্যানৰ লগত সম্পর্ক থকা দাঁতিকাষৰীয়া বনাঞ্চলসমূহ ধ্বংস হৈ গৈ থাকিলে এদিন ৰাষ্ট্ৰীয় উদ্যানখনতো ইয়াৰ কু-প্ৰভাৱ পৰিব। খননস্থলীলৈ যাবলৈ এটা ২.৩২ হেক্টৰ ভূমিত এটা পথ নির্মাণো কৰা হ'ব। খনন এলেকাত প্লিন্থ, বয়লাৰ, ফ্লেয়াৰ আদি থাকিব। ডিগবৈৰ বন প্ৰাধিকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰিছিল যে ইয়াত হাতীৰ লগতে অন্যান্য বহু বিপন্ন প্ৰজাতিৰ প্ৰাণী আছে। প্রাকৃতিক সম্পদেৰে চহকী এই বনাঞ্চলৰ মাজভাগত হাইড্ৰ'কাৰ্বনৰ খননে দীর্ঘ সময়ৰ বাবে প্ৰভাৱ পেলাই থাকিব। কাৰণ ২০৩৮ লৈ খননৰ লীজ প্ৰদান কৰা হৈছে। ২৬ ইঞ্চি ব্যাসৰ এটা ব'ৰহল খনন কৰা হ'ব। ইয়াৰ পৰা নিৰ্গমণ হোৱা গেছবা খাৰুৱা তেলে জৈৱ-বৈচিত্র্যক ব্যাপক ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনাই অধিক।
উল্লেখযোগ্য যে এই বনাঞ্চলৰ ক্ষতিপূৰণ হিচাপে নগাঁও বন্যপ্রাণী বিভাগৰ অধীনৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ ৫ হেক্টৰ অ-বনভূমিত বনভূমি কৰিবৰ বাবে পৰামৰ্শ দিয়া হৈছে। যাৰ বাবে ৩৯.২৮ লাখ টকা ধাৰ্য কৰা হৈছে। আনহাতে খননৰ সময়ত বিভিন্ন চর্ত মানি চলাৰ প্ৰস্তাৱ দিয়া হৈছে যদিও কার্য ক্ষেত্রত এনে চর্ত কেতিয়াও মানি চলা দেখা পোৱা নাযায়।