বিশ্বকাপৰ নকআউট খেলা, গ'ল দিয়া বয়োজ্যেষ্ঠ খেলুৱৈ, ৰ'নাল্ডোৰ অভিলেখ

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপত এইবাৰ কেইবাখনো ৰোমাঞ্চকৰ খেল দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধিয়ে প্রতিযোগিতাখনৰ প্ৰতি ফুটবলপ্রেমীৰ আকর্ষণ হ্রাস কৰিব বুলি অনুমান কৰা হৈছিল যদিও এতিয়া ইখনৰ পাছত সিখন ৰোমাঞ্চকৰ খেলে দৰ্শকৰ আকৰ্ষণ বৃদ্ধিহে কৰিছে। ইয়াৰ লগে লগে বিশ্বকাপত স্থাপন হৈছে নতুন নতুন অভিলেখৰ। 

বৃহস্পতিবাৰে পর্তুগাল আৰু ক্ৰ'ৱেছিয়াৰ মাজৰ খেলখনতো তেনেকুৱাই দেখা পোৱা গ'ল। এই উত্তেজনাপূর্ণ মেচখনত ক্রিষ্টিয়ানো ৰ'নাল্ডোৰ পৰ্টুগালে ক্ৰ'ৱেছিয়াক ২-১ গ'লত পৰাজিত কৰি প্ৰিকোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এই মেচখনত ৰ'নাল্ডোৱে কমেও দুটা অভিলেখ গঢ়ে। মেচখনত খেলিবলৈ নমাৰ লগে লগে তেওঁ প্রথমটো অভিলেখ গঢ়ে। বিশ্বকাপৰ ইতিহাসত নকআউট পর্যায়ত খেলা তেওঁ সৰ্বজ্যেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়। বৃহস্পতিবাৰৰ মেচখনত খেলিবলৈ নমাৰ সময়ত ৰ'নাল্ডোৰ বয়স আছিল ৪১ বছৰ ১৪৭ দিন। ইফালে তেওঁ বৃহস্পতিবাৰৰ মেচখনত এটা গ'ল দি আন এটা অভিলেখৰ সৃষ্টি কৰে। তেওঁ নকআউট পৰ্যায়ৰ মেচত গ'ল দিয়া সৰ্বজ্যেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়। তেওঁ ইয়াৰ যোগেদি পেপেৰ অভিলেখ ভংগ কৰে। অৱশ্যে বিশ্বকাপত গ'ল দিয়া সৰ্বাধিক বয়সৰ খেলুৱৈজন হ'ল কেমেৰুনৰ ৰোজাৰ মিলা। তেওঁ ১৯৯৪ চনৰ বিশ্বকাপত ৰাছিয়াৰ বিৰুদ্ধে গ'ল দিয়াৰ সময়ত বয়স আছিল ৪২ বছৰ ৩৯ দিন। 

ইফালে বৃহস্পতিবাৰৰ মেচখনত খেলা ক্ৰ'ৱেছিয়াৰ অধিনায়ক লুকা মাদ্রিদৰ বয়সো ৪০ বছৰৰ অধিক আছিল। ফলত বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুয়োটা দলৰ হৈ ৪০ বছৰৰ ঊর্ধ্বৰ খেলুৱৈয়ে খেলে। ইয়াৰ লগতে একেখন মেচৰ দুয়োটা দলৰ অধিনায়কৰ বয়সক লৈও এক অভিলেখৰ সৃষ্টি হয়। ইফালে বিশ্বকাপৰ পৰৱৰ্তী মেচখনত খেলাৰ লগে লগে ৰ'নাল্ডোৱে ২৭খন মেচেৰে জাৰ্মানিৰ মহান খেলুৱৈ লোথাৰ মাথাউছৰ সৈতে সমতা স্থাপন কৰিব।

Share This