ডিজিটেল ডেস্ক : মহিলা ফুটবলৰ ইতিহাসত অলিভিয়া স্মিথ বিশ্বৰ আটাইতকৈ দামী মহিলা খেলুৱৈ ৰূপে পৰিগণিত হৈছে।
কানাডাৰ এই খেলুৱৈগৰাকীক আৰ্ছেনালে ১০ লাখ পাউণ্ডত অর্থাৎ প্রায় ১১ কোটি ৫৭ লাখ টকাৰ হস্তান্তৰ মাচুলত লিভাৰপুলৰ পৰা নিজৰ দলত চামিল কৰে। ই এক বিশ্ব অভিলেখ।
ইয়াৰ আগতে যোৱা জানুৱাৰীত ছেলচীয়ে নাওমী গির্মাক ছেন ডিয়েগ' ৱেভৰ পৰা নিজৰ দলত লোৱাৰ বাবে ৯ লাখ পাউণ্ড ব্যয় কৰিছিল। আৰ্ছেনালৰ মহিলা ফুটবলৰ সঞ্চালক ক্লেয়াৰ হুইটলীয়ে কয় যে স্মিথ বিশ্বৰ অন্যতম আটাইতকৈ প্রতিভাশালী যুৱ খেলুৱৈ। ক্লাবত তেওঁ আগবাঢ়ি যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।