ডিজিটেল ডেস্ক : উত্তৰ-পূব দিল্লীৰ ২০২০ চনৰ হিংসাত্মক ঘটনাৰ অন্যতম অভিযুক্ত ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন অগ্রাহ্য কৰিলে উচ্চতম ন্যায়ালয়ে।
সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে সমগ্র হিংসাত্মক ঘটনাত এই দুই নেতাৰ মুখ্য ভূমিকা আছিল। অভিযোগ আৰু প্রমাণসমূহৰ ভিত্তিত ন্যায়ালয়ে কয় যে ঘটনাৰ অন্য পাঁচজন অভিযুক্তৰ তুলনাত খালিদ আৰু ইমামৰ স্থিতি পৃথক। তেওঁলোক দুজন মুখ্য ভূমিকাত আছিল।
গতিকে তেওঁলোকৰ জামিন সম্ভৱ নহয়। এই ঘটনাৰ আন পাঁচজন অভিযুক্তক সোমবাৰে ১২টাকৈ চৰ্তৰ ভিত্তিত জামিন প্ৰদান কৰে। ন্যায়ালয়ে প্রকাশ কৰে যে অহা এবছৰলৈ ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামে জামিনৰ বাবে আৱেদন কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীত হোৱা হিংসাত ৫৩জন লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ২৫০জন লোক আহত হৈছিল।