এটা দুৰ্দান্ত ‘ছিক্স’ মৰাৰ পাছতেই হাৰ্ট এটেকত মৃত্যু ক্ৰিকেটাৰৰ

Kakali Deka June 30, 2025

ডিজিটেল ডেস্কঃ এটা দুৰ্দান্ত ছিক্স মৰাৰ পাছতেই মৃত্যুৰ শীতল কোলাত শুই পৰিল এগৰাকী যুৱ ক্ৰিকেটাৰ। মৃত যুৱকজন পঞ্জাৱৰ ফিৰোজপুৰৰ নিৱাসী হৰ্ষজিৎ সিং (২৩) বুলি জানিব পৰা গৈছে। 

ডি এ ভি স্কুল খেলপথাৰত বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল হৰ্ষজিতে। তেওঁ এটা দুৰ্দান্ত ছয় মাৰি শক্তিশালী প্ৰদৰ্শন কৰে। হাতচাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লৈছিল। হৰ্ষজিতে নিজৰ বেটিং পাৰ্টনাৰৰ ফালে হাঁহি হাঁহি আগবাঢ়ি গৈছিল হাত মিলাবৰ বাবে, ঠিক তেতিয়াই তেওঁ হঠাতে আঁঠু কাঢ়ি বহি পৰে। সতীৰ্থই প্ৰথমে ভাবিছিল ভাগৰতে তেনে হোৱা বুলি কিন্তু ঠিক পিছ মুহূৰ্ততে হৰ্ষজিৎ মাটিত ঢলি পৰে। 

ওচৰতে থকা সতীৰ্থসকলে খৰখেদাকৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহে যদিও তেতিয়ালৈকে যেন সকলো শেষ হৈ গৈছিল। খেলৰ মাজতে হাৰ্ট এটেক হৈ ঘটনাস্থলীতে মৃত্যু ঘটে উদীয়মান ক্ৰিকেটাৰ হৰ্ষজিৎ সিঙৰ।

তেওঁৰ কোনো ডাঙৰ শাৰীৰিক ৰোগৰ ইতিহাস নাছিল। হৰ্ষজিতৰ এনে আকস্মিক মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সতীৰ্থৰ মতে, মৃত্যুৰ আগমুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সুস্থ দেখা গৈছিল হৰ্ষজিতক।

এই ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হৰ্ষজিৎ সিঙৰ অকাল বিয়োগে সকলোকে শোকাহত কৰি তুলিছে।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This