ডলবী থিয়েটাৰত ৯৮সংখ্যক 'অস্কাৰ' প্ৰদান, ৬টা অস্কাৰেৰে শ্ৰেষ্ঠ ছবি 'ৱান বেটল আফ্টাৰ আনাদাৰ'

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ অব্যাহত থকা তথা ভু-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে সোমবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত ৯৮সংখ্যক অকাদেমি বঁটা (অস্কাৰ) প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। পৰিচালক প'ল থমাছ এণ্ডাৰছনৰ 'ৱান বেটল আফটাৰ আনাদাৰ'-এ ৬টা বঁটাৰে প্ৰাপ্তিৰ শীৰ্ষত থাকে। এই প্রতিযোগিতাত ৪ টা অস্কাৰেৰে দ্বিতীয় স্থানত থাকে ৰায়ান কুগলাৰৰ 'ছিনাৰ্ছ।' 

উল্লেখযোগ্য যে অস্কাৰ বঁটাৰ প্ৰতিযোগিতাত ১৬ টা শাখাত মনোনয়ন লাভ কৰি 'ছিনাৰ্ছ'-এ ইতিহাস ৰচনা কৰিছিল। ইয়াৰ আগতে 'অল এবাইট ইভ', 'টাইটানিক' আৰু 'লা লা লেণ্ড'-এ ১৪ টা শাখাত মনোনয়ন লাভ কৰিছিল। 'ৱান বেটল আফ্টাৰ আনাদাৰ'-এ শ্রেষ্ঠ চলচ্চিত্ৰ আৰু শ্রেষ্ঠ পৰিচালক অস্কাৰ বঁটা লাভকৰে। 'ছিনাৰ্ছ'ত কৰা অভিনয়ৰ বাবে মাইকেল বি জর্ডানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। 'হেনেট' চলচ্চিত্ৰৰ বাবে জেছী বাকলীক প্ৰদান কৰা হয় শ্রেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ। 

ইফালে পৰিচালক গিয়েৰম' ডেল ট'ৰ'ৰ 'ফ্রাংকেনষ্টাইন' চলচ্চিত্ৰখনে লাভ কৰে তিনিটা বঁটা। শ্রেষ্ঠসহ অভিনেতাৰ বঁটা লাভ কৰে ছীন পেন ('ৱান বেটল আফ্টাৰ আনাদাৰ') আৰু শ্রেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰে এমী মেডিগানে (উইপন্‌ন্থ)। 'বান বেটল আফ্টাৰ আনাদাৰ'-এ শ্রেষ্ঠ সম্পাদনা আৰু শ্রেষ্ঠ অভিযোজিত চিত্রনাট্যৰ অস্কাৰো লাভ কৰে। তদুপৰি প্ৰথমবাৰৰ বাবে দিয়া বেষ্ট কাষ্টিং-অৰ অস্কাৰো 'ৱান বেটল আফ্টাৰ আনাদাৰ'-এ লাভ কৰে। 

'ছিনাৰ্ছ'-এ লাভ কৰা আনকেইটা অস্কাৰ হ'ল শ্রেষ্ঠ মৌলিক চিত্রনাট্য, শ্রেষ্ঠ মৌলিক সংগীত আৰু শ্রেষ্ঠ চিনেমাটোগ্রাফিৰ। শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী-চিত্ৰৰ অস্কাৰ লাভ কৰে নৰৱে'ৰ চলচ্চিত্র 'ছেন্টিমেন্টেল ভেলু'-এ। এনিমেটেড চুটি ছবি শাখাত অস্কাৰ বঁটা পায় 'দ্য গার্ল হু ক্রাইড পার্ল্ড'-এ। আনহাতে লাইভ একশ্যন চুটি ছবি শাখাত শ্রেষ্ঠত্ব অর্জন কৰে 'দ্য ছিংগাৰ্ছ'-এ। 

'ভিজুৱেল এফেক্ট'ত অস্কাৰ লাভ কৰে 'অৱতাৰ : ফায়াৰ এণ্ড এছ'-এ। ছাউণ্ডত শ্রেষ্ঠত্ব অর্জন কৰে 'এফ-১'-এ। আনহাতে 'ফ্রাংকেনষ্টাইন' চলচ্চিত্ৰখনে ৰূপসজ্জা, সাজসজ্জা আৰু প্রডাকশ্যন ডিজাইনত অস্কাৰ বঁটা লাভ কৰে। শ্রেষ্ঠ এনিমেটেড কাহিনী চিত্ৰৰ বঁটা লাভ কৰে 'কেপপঃ ডেমন হান্টাৰ্ছ'-এ। তেনেদৰে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ অস্কাৰ ' অল দ্য এম্পটি দমছ', শ্রেষ্ঠ কাহিনী তথ্যচিত্র 'মিঃ ন'ব'ডি এগেইনষ্ট পুটিন' আৰু শ্রেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰে 'কেপপঃ ডেমন হান্টাৰ্ছ'-এ।

Share This