টিংখাঙত পথ দুৰ্ঘটনাত এজন নিহত

Rashmi July 08, 2025

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।  টিংখাং চাহ বাগিচাৰ সমীপত মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন স্কুটী চালক থিতাতে নিহত হয়।

নিহত স্কুটী চালকজন টিংখাঙৰ ঔফুলীয়া অঞ্চলৰ মহেশ তেলেংগা বুলি চিনাক্ত কৰা হৈছে।

নিহত লোকজনে AS-04U9947 নম্বৰৰ দুচকীয়া বাহনেৰে টিংখাঙৰ পৰা ঔফুলীয়াৰ নিজা ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

মহেশ তেলেংগাই নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This