ব্ৰিটিছ মিউজিয়ামৰ পৰা চুৰি হোৱা সামগ্ৰী অনলাইনত বিক্ৰীঃ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য

Jyoti Borah August 28, 2023

ডিজিটেল ডেস্কঃবিশ্বৰ অন্যতম বিখ্যাত আৰু সন্মানীয় সংগ্ৰহালয় ব্ৰিটিছ সংগ্ৰহালয় ১৭৫৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ৰোচেটা শিল আৰু পাৰ্থেনন ভাস্কৰ্যৰ দৰে চিত্তাকৰ্ষক ঐতিহাসিক শিল্পকলাৰ প্ৰদৰ্শনে নিয়মীয়াকৈ সমগ্ৰ বিশ্বৰ পৰা দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰে।
 ব্ৰিটিছ মিউজিয়ামৰ পৰা চুৰি হোৱা আৰু অনলাইনত বিক্ৰী কৰি দিয়া কিছুমান সামগ্ৰী উদ্ধাৰ কৰি থকা হৈছে৷  মিউজিয়ামটোৰ সভাপতি জৰ্জ অছবৰ্নে এই কথা কয়৷ মিউজিয়ামটোৰ পৰা চুৰি হোৱা সামগ্ৰীবোৰ অনলাইনত বিক্ৰী কৰা হৈছে বুলি পোৱা সতৰ্কবাণী মিউজিয়ামটোৱে গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি ওলাই পৰাৰ পাছত অছবৰ্নে এই কথা কয়৷ মিউজিয়ামটোৰ পৰা বিভিন্ন সম্পদ চুৰিৰ ঘটনাটো ২০২১ চনতে পোহৰলৈ আহিছিল৷ এপদ দুপদকৈ প্ৰায় ২০০০ সম্পদ চুৰ কৰি নিয়া হৈছিল৷ অনলাইনত বিক্ৰী কৰা কিছুমান সম্পদ ভালেমান লোকে মিউজিয়ামটোক ঘূৰাই দিব বুলি জনাইছে৷
 উল্লেখযোগ্য যে ১৭৫৩ চনত প্ৰতিষ্ঠা কৰা ব্ৰিটিছ মিউজিয়াম পৃথিৱীৰ অতি বিখ্যাত আৰু সন্মানীয় মিউজিয়ামবোৰৰ ভিতৰত অন্যতম৷  ইমানবোৰ সামগ্ৰী চুৰি হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মিউজিয়ামটোৰ সঞ্চালক হাৰ্টউইগ ফিচাৰে শুকুৰবাৰে পদত্যাগ কৰে আৰু এজন কৰ্মচাৰীক বুধবাৰে বৰ্খাস্ত কৰা হয়৷
 

Share This