গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ

dainik janambhumi August 23, 2025

ডিজিটেল ডেস্ক : ভাৰতত অনুষ্ঠিত হ'বলগীয়া মহিলা এদিনীয়া বিশ্ব কাপৰ সূচীৰ সংশোধন কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে (আই চি চি)। সংশোধিত সূচী অনুসৰি, অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীত প্রতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী মেচখনত ভাৰত আৰু শ্রীলংকাই প্রতিদ্বন্দ্বিতা কৰিব। 

আই চি চিয়ে প্রকাশ কৰা নতুন সূচী অনুসৰি, বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ মেচসমূহ নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত আৰু শ্রীলংকাৰ উদ্বোধনী মেচ আৰু দ্বিতীয়খন ছেমি ফাইনেলো আছে। উদ্বোধনী মেচখন ৩০ ছেপ্টেম্বৰত এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। 

উল্লেখযোগ্য যে এম চিন্নাস্বামী ষ্টেডিয়ামত বিশ্ব কাপৰ খেল অনুষ্ঠিত কৰাৰ বাবে কৰ্ণাটক চৰকাৰে অনুমতি নিদিয়াত এই সালসলনি কৰা হয়। আই পি এলৰ চেম্পিয়ন হোৱাৰ পাছত আৰ চি বিৰ বিজয় উৎসৱৰ সময়ত হোৱা দুৰ্ঘটনাৰ পাছত ইয়াৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ জন মাইকেল কুনহা আয়োগে এম চিন্নাস্বামী ষ্টেডিয়াম ডাঙৰ প্ৰতিযোগিতাৰ বাবে উপযুক্ত নহয় বুলি ৰায় দিছিল। ডি ৱাই পাটিল ষ্টেডিয়াম এতিয়া প্রতিযোগিতাৰ পঞ্চমখন স্থান হ'ব।

Share This