অপাৰেশ্যন সেন্দূৰ মাত্র ৮৮ ঘণ্টীয়া ট্ৰেইলাৰ

dainik janambhumi November 18, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় সশস্ত্র বাহিনীৰ দ্রুত কার্যব্যৱস্থা আৰু প্ৰতিৰক্ষা সক্ষমতাই কিদৰে অপাৰেশ্যন সেন্দূৰৰ ৰূপত পাকিস্তানক কিদৰে যথোচিত প্রত্যুত্তৰ দিবলৈ সক্ষম হ'ল, সেই বিষয়ত সোমবাৰে চীফ অব আর্মি ষ্টাফ জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে আলোকপাত কৰে। উক্ত অভিযানক '৮৮ ঘণ্টীয়া ট্রেইলৰ' আখ্যা দি তেওঁ কয় যে যদি তেনে পৰিস্থিতি আহে তেন্তে 'প্রতিবেশী দেশৰ সৈতে কিদৰে আচৰণ কৰিব লাগে সেই কথা তেওঁলোকক (পাকিস্তান) শিকাবলৈ সশস্ত্র বাহিনী সাজু হৈ আছে।' 

নতুন দিল্লীত 'চাণক্য ডিফেন্স ডায়লগ'ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, 'অপাৰেশ্যন সেন্দূৰ আছিল ৮৮ঘণ্টাত অন্ত পৰা মাত্র এক ট্ৰেইলাৰ।' আমি ভৱিষ্যতৰ যিকোনো পৰিস্থিতিৰ বাবে সাজু। যদি পাকিস্তানে আমাক এটা সুযোগ দিয়ে, এখন প্রতিবেশী দেশৰ সৈতে কেনে আচৰণ কৰিব লাগে আমি তেওঁলোকক শিকাম।' উক্ত অভিযানৰ পৰা লাভ কৰা শিকনিৰ সন্দৰ্ভত চীফ অব্ ষ্টাফজনে কয় যে তিনিটা মূল কথা শিকা হ'ল; সেইকেইটা হৈছে সশস্ত্র বাহিনীবোৰৰ মাজত সংহতি, দীর্ঘদিনীয়া যুদ্ধৰ বাবে সঠিক যোগান নিশ্চিত কৰা আৰু কমাণ্ডৰ শৃংখলৰ মাজত প্রতিটো স্তৰতে সিদ্ধান্তৰ নিশ্চিতি। তেওঁ কয়, 'যেতিয়াই কোনো অপাৰেশ্যন হয় আমি তাৰ পৰা কিবা এটা শিকোঁ। 

এইবাৰো আমি শিকিলোঁ। আমি শিকা এটা কথা হৈছে, যিকোনো সিদ্ধান্ত ল'বলৈ তথা প্রতিটো স্তৰতে সিদ্ধান্ত ল'বলৈ আমাৰ অতি কম সময় থাকে।' সশস্ত্র বাহিনীৰ সংহতিৰ বিষয়ত দ্বিবেদীয়ে কয়, 'আন এটা কথা হৈছে স্থল সেনাই হওক, নৌ সেনাই হওক বা বায়ু সেনাই হওক, চি এ পি এফ হওক সকলো বাহিনীৰ মাজত ভাল সংহতি থকা দৰকাৰ। কাৰণ আজিকালিৰ যুদ্ধ বহুক্ষেত্রীয়। কেৱল স্থল সেনাই এখন যুঁজ যুঁজিব নোৱাৰে, সকলোৱে একেলগে যুঁজিব লাগিব।'

Share This