ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত বিৰোধী দলপতি ৰাহুল গান্ধীক ভাষণ দিবলৈ নিদিয়া, প্রাক্তন সেনা প্রধান জেনেৰেল এম এম নৰৱনেৰ অপ্রকাশিত গ্রন্থত উল্লেখ কৰা ডোকালামত চীনৰ সৈনিকৰ সৈতে হোৱা সংঘাতৰ প্ৰসংগ আৰু বিৰোধী পক্ষৰ আঠজন সদস্যক সংসদৰ অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বিত কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই কালি লোক সভা উত্তাল কৰি তোলে। লোক সভা কালি পুৱাৰ ভাগত প্ৰথমবাৰ তিনি মিনিট আৰু দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়ত মাত্র সাত মিনিট কাম-কাজ সম্পাদন কৰা হয়। ইয়াৰ পাছত দিনটোৰ বাবে সদন সোমবাৰলৈ স্থগিত ৰখা হয়।
ৰাজ্য সভাতো বিৰোধী পক্ষই একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। লোক সভাত দুবাৰ সদন মিলিত হয় যদিও কোনো কাম-কাজ সম্পাদিত কৰিব পৰা নগ'ল। আনহাতে ৰাজ্য সভাত দুঘণ্টা কাম-কাজ সম্পাদন কৰা হয়। লোক সভাত কালি পুৱা ১১ বজাত সদন মিলিত হয় আৰু অধ্যক্ষ ওম বিৰলাইপ্রশ্নোত্তৰ কাল আৰম্ভ কৰাৰ নির্দেশ দিয়ে। বিজেপিৰ সাংসদ ৰাজপাল সিঙক পৰিপূৰক প্ৰশ্ন সোধাৰ বাবে তেওঁৰ নাম মাতে অধ্যক্ষই। তেওঁৰ নাম উল্লেখ কৰাৰ লগে লগে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষৰ সদস্যসকল অধ্যক্ষৰ আসনৰ ওচৰলৈ আহি শ্ল'গান দিবলৈ ধৰে। অধ্যক্ষই সদস্যসকলক প্রশ্নোত্তৰ কাল চলাই নিয়াত সহযোগ কৰিবলৈ আহবান জনাই কয় যে কালি কংগ্ৰেছৰ নেত্রী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্নও তালিকাভুক্ত হৈ আছে, কিন্তু তেওঁৰ কথালৈ বিৰোধী সদস্যসকলে কর্ণপাত নকৰিলে। তেওঁ কয় যে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ বাবে সদনৰ ১৯ ঘণ্টা ১৩ মিনিট সময় নষ্ট হয়। সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা বিৰোধী সদস্যসকলক বিৰলাই কয়, 'দেশৰ ১৪০ কোটি জনতাই আপোনালোকৰ পৰা সদনৰ কাম-কাজ হোৱাটো বিচাৰিছে, ইয়াত বিতর্ক তথা আলোচনা হোৱাটো বিচাৰিছে। যদি আপোনালোকে সুপৰিকল্পিতভাৱে অচলাৱস্থাৰ সৃষ্টি কৰিবলৈ বিচাৰে, সদনৰ মৰ্যাদা সমাপ্ত কৰিবলৈ বিচাৰে, তেনে অৱস্থাত মই সদন চলাইনিব নোৱাৰোঁ। 'ইয়াৰ পাছতে তেওঁ সদন স্থগিত ৰাখে।
উল্লেখযোগ্য যে যোৱা সোমবাৰৰ পৰা সদনত অচলাৱস্থা চলি আছে। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ মোখনি মাৰি দিয়া ভাষণত কৰা সমালোচনাৰ বাবে কালি লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক কটাক্ষ কৰি কয়, 'যি ভাল দেখে তাকে কৰক'। ইফালে নিৰাপত্তাজনিত কাৰণত প্রধানমন্ত্রীয়ে মঙলবাৰে লোক সভাত বিতৰ্কৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা বুলি অধ্যক্ষ বিৰলাই দিয়া মন্তব্যত প্রতিক্রিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে কয়, 'আপুনি নিজক লোক সভাত অসুৰক্ষিতবোধ কৰি আমাৰ সকলো সাংসদক অসুৰক্ষিত বুলি অনুভৱ কৰালে।' ইফালে ৰাজ্য সভাত কালি বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই শূন্য কালত প্ৰধানমন্ত্ৰীৰ ভাষণক সমালোচনা কৰি কয় যে প্রধানমন্ত্রীয়ে যোৱা দহবছৰত কেৱল কংগ্ৰেছকে গালি পাৰিলে।