উইম্বলডনত প্ৰথমবাৰলৈ কোৱাৰ্টাৰত ওছাকা

dainik janambhumi July 07, 2026

ডিজিটেল ডেস্ক : নাউমী ওছাকাই উইম্বলডন টেনিছত প্ৰথমবাৰলৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জাপানৰ তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ আৰিনা ছাবালেংকাক ৬-২, ৭-৬ (৭) (২) ব্যৱধানত চমক খুৱাই অগ্রগতি অব্যাহত ৰাখিছে। বেলাৰুছৰ ছাবালেংকাক চমক খুওৱা ওছাকাই এতিয়া অন্তিম-৪ত প্রবেশ কৰিবলৈ যুঁজিব দশম বাছনিৰ চেক গণৰাজ্যৰ কেৰলিনা মাচোভাৰ বিৰুদ্ধে। 

ইফালে, ক'ক' গফে ৪-৬, ৬-৩, ৬-৪ ব্যৱধানত বেলিন্দা বেনচিচক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গফৰ অন্তিম-৮ৰ প্ৰতিপক্ষ হ'ব সতীর্থ আমেৰিকান তথা ডাবলছত অনিয়মীয়া সংগী জেছিকা পেগুলা। তাৰ আগেয়ে জেছিকাই আনগৰাকী আমেৰিকান ইভা জভিচক হৰুৱাই ছিল ৪-৬, ৬-৩, ৬-১ ব্যৱধানত। আনহাতে, পুৰুষৰ শাখাত নোভাক জ'ক'ভিচে ১৩২সংখ্যক স্থানৰ কোৱালিফায়াৰ ৰোমান ছাফিউলিনৰ তীব্র প্রত্যাহ্বান একাষৰীয়া কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। 

অল ইংলেণ্ড ক্লাবত নিজৰ ১০৬সংখ্যক মেচত জয়ী হোৱাৰ ৰেকৰ্ড প্ৰতিষ্ঠা কৰাৰ পথত জ'ক'ভিচে ৰোমানক কষ্টকৰ ৭-৬ (৬), ৬-৩, ৩-৬, ৬-৩ ব্যৱধানত বিধ্বস্ত কৰে। উইম্বলডনত ৰ'জাৰ ফেডেৰাৰৰ পুৰুষৰ শাখাত সৰ্বাধিক মেচত জয়ৰ ৰেকৰ্ড ভংগ কৰে জ'ক'ভিচে।

Share This