'আমাৰ দেশৰ বিদেশ নীতি ব্যৰ্থ হʼল ' পৱন খেৰা

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউ এন এছচি) সন্ত্রাস প্ৰতিৰোধী সমিতি এখনত পাকিস্তানে উপাধ্যক্ষতা কৰিব। এই শেহতীয়া খবৰৰ বিষয়ত কংগ্ৰেছ দলে ভাৰতৰ বিদেশ নীতিক কঠোৰ সমালোচনা কৰে।

কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই বৃহস্পতিবাৰে কয় যে পাকিস্তানে সন্ত্রাস প্ৰতিৰোধী সমিতিত গুৰু দায়িত্ব পোৱাটোৱে আমাৰ দেশৰ বিদেশ নীতি ব্যর্থ হোৱাটোকে সূচাইছে। খেৰাই প্রশ্ন কৰে যে পাকিস্তানে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা বিষয়টোক কেনেকৈ আন্তঃৰাষ্ট্ৰীয় সমুদায়ে বৈধতা প্রদান কৰি আহিছে। তদুপৰি, সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক কিয় আই এম এফ, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেন্ট বেংকে ঋণ আৰু বুলিও খেৰাই প্রশ্ন উত্থাপন কৰে। বিত্তীয় সাহায্য প্রদান কৰি আছে

Share This