ডিজিটেল ডেস্ক : বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দেওবাৰে সংসদত দাখিল কৰা অহা বিত্তীয় বৰ্ষৰ বাজেটত কেইবাখনো কেন্দ্ৰীয় আঁচনিৰ বাবে কেইবা হাজাৰ কোটি টকাৰ আবণ্টন দিয়াৰ প্রস্তাৱ কৰিছে। ইয়াৰ ভিতৰত গ্ৰামঞ্চল আৰু নগৰাঞ্চলৰ সৈতে জড়িত আঁচনিও আছে। তাৎপর্যপূর্ণ কথাটো হ'ল এই আঁচনিবোৰৰ বাবে যোৱা বিত্ত বৰ্ষৰ বাজেটত আবণ্টন দিয়াৰ অধিকাংশ ধন ব্যয়েই নহ'ল। একাংশ আঁচনিত আবণ্টিত ধনৰ ১০%ও ব্যয় নহ'ল। এই আঁচনিবোৰৰ ভিতৰত জলজীৱন মিছনো (জে জে এম) আছে। গ্রামাঞ্চলত প্রতি ঘৰতে পাইপেৰে পানী যোগান ধৰাৰ বাবে গ্রহণ কৰা এই আঁচনিৰ অৱস্থা একেবাৰে শোচনীয়।
যোৱা বছৰ বাজেটত জে জে এমৰ বাবে ৬৭ হাজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছিল। ইয়াৰ ভিতৰত ব্যয় কৰা হয় মাত্র ১৭ হাজাৰ কোটি টকা। বাকী ৫০ কোটি টকা ব্যয় কৰিব পৰা নগ'ল। এই বছৰ পুনৰ এই আঁচনিৰ বাবে ৬৭,৭০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইফালে, প্রধানমন্ত্রী আৱাস যোজনাৰ (চহৰাঞ্চল) বাবে যোৱা বিত্তীয় বর্ষত ১৯,৭৯৪ কোটি টকা আবণ্টন দিয়া হৈছিল, কিন্তু ইয়াৰ ভিতৰত ব্যয় কৰা হয় মাত্র ৭৫০০ কোটি টকাহে। অহা বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ১৮,৬২৫ হাজাৰ কোটি টকা। ইফালে, গ্রামাঞ্চলৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ বাবে যোৱা বিত্তীয় বর্ষত ৫৭,৮৩২ কোটি টকা মঞ্জুৰ কৰা হৈছিল, কিন্তু ব্যয় হয় ইয়াৰে মাত্র ৩২,৫০০ কোটি টকা। চৰকাৰে অহা বিত্তীয় বৰ্ষৰ বাজেট এই আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৫৪,৯১৭ কোটি টকা। ইফালে, প্রধানমন্ত্রী আয়ুষ আঁচনিৰ বাবে যোৱা বছৰৰ বাজেটত আবণ্টন দিয়া ১,২৭৫ কোটি টকাৰ ভিতৰত ব্যয় হয় ৭৮১ কোটি টকা। অহা বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে ১,৩০০ কোটি টকা প্ৰস্তাৱ কৰা হৈছে।
ইফালে, নগৰাঞ্চল প্রত্যাহবান পুঁজিৰ বাবে দহ হাজাৰ কোটি টকাৰ ব্যয় হয় মাত্র এহেজাৰ কোটি টকা। এই আঁচনিত এইবাৰ পুনৰ দহ হাজাৰ কোটি টকা প্ৰস্তাৱ কৰা হৈছে। পি এম স্কুল ফৰ ৰাইজিং আঁচনিৰ বাবে বাজেটত ৭,৫০০ কোটি টকা প্ৰস্তাৱ কৰা হৈছে। যোৱা বছৰত সমপৰিমাণৰ ধন আবণ্টন দিয়া হৈছিল যদিও ব্যয় হয় ৪,৫০০ কোটি টকা। প্রাথমিক, মাধ্যমিক আৰু তৃতীয় পর্যায়লৈ স্বাস্থ্য সেৱা বিস্তাৰৰ বাবে গ্রহণ কৰা প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ বাবে যোৱা বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৪২০০ কোটি টকাৰ ২,৪৪৩ কোটি টকাহে ব্যয় হয়।
এই বছৰ এই আঁচনিৰ বাবে ৪,২০০ কোটি টকা পুনৰ প্ৰস্তাৱ কৰা হৈছে। ইফালে, যুৱক-যুৱতীসকলক আগশাৰীৰ কোম্পানীত ব্যাৱহাৰিক প্রশিক্ষণ দি সংস্থাপনৰ বাবে প্ৰস্তুত কৰাৰ বাবে গ্রহণ কৰা প্ৰধানমন্ত্ৰী ইন্টার্নশ্বিপ আঁচনিত যোৱা বছৰ ১০,৮৩১ কোটি টকা ধাৰ্য কৰা হৈছিল আৰু ব্যয় হয় ৫২৬ কোটি টকা। এইবাৰ এই আঁচনিত ৪,৭৮৮ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ কৰা হৈছে। এ আই মিছনৰ বাবে যোৱা বছৰ আবণ্টন দিয়া ২০০০ কোটি টকাৰ ভিতৰত ব্যয় হয় ৮০০ কোটি টকা। এই বছৰৰ বাজেটত এই আঁচনিৰ ধন কৰ্তন কৰি ১ হাজাৰ কোটি টকা কৰা হয়।