চৰকাৰে ক্ৰয় কৰিলে কাজিৰঙাত থকা ড° ভূপেন হাজৰিকাৰ বাসগৃহ

dainik janambhumi September 04, 2025

ডিজিটেল ডেস্ক : অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত কুঠৰীৰ নজানত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অতি মৰমৰ বাসগৃহৰ সৈতে ভূমি চৰকাৰে ক্ৰয় কৰি বিশ্ববিখ্যাত শিল্পীগৰাকীৰ প্ৰতি সন্মান জনালে। ভূপেন হাজৰিকাৰ আপোন ঘৰখন, যিখন ইতিমধ্যে উৱলি গৈছে, সেই ঘৰখনৰ খবৰ ৰাখিবলৈ যেন কাৰোৰেই আহৰি নাছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া কুঠৰীৰ নজানত ১৯৬৭ চনতে সুধাকণ্ঠই সাজি উলিয়াইছিল এটা বাসগৃহ।

'কুঠৰীতে মোৰ প্রাণটো লুকাই আছে' বুলি কোৱা এই মৰমৰ গৃহতে ভূপেন হাজৰিকাই ৰচনা কৰিছিল কেইবাটাও কালজয়ী গীত। কুঠৰীত ১৯৬৭ চনতে সাজি উলিওৱা ভূপেন হাজৰিকাৰ মৰমৰ বাসগৃহটো শেহতীয়াকৈ চৰকাৰে ক্ৰয় কৰাত আকৌ এবাৰ চৰ্চালৈ আহিছে। সুধাকণ্ঠৰ একালৰ প্ৰাণৱন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কুঠৰীৰ ঘৰখনৰ অৱস্থা শোচনীয়। 'মন প্রজাপতি' কথাছবিৰ একালৰ শ্বুটিংস্থলী এই বাসগৃহটোৰ মজিয়াত বৰ্তমান বেংছতা, কাঠফুলাৰ পয়োভৰ। এজাক সামান্য বৰষুণতে চালেৰে ভিতৰত সৰি পৰে বৰষুণৰ টোপাল। সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বর্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে। দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উঁৱলি গৈছে। যেন এক ভূত বঙলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণৱন্ত ঘৰখন। উল্লেখযোগ্য যে কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নির্মাণ কৰোৱাইছিল ঘৰটো। ঘৰটোৰ চৌহদত পিছফালেই আছে এটা প্রাণচঞ্চল নিজৰা।

ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ। ইমান দিনে চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে মাজুলীত হোৱা বিশেষ অধিৱেশনত বিশেষ প্রস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও ঘৰটো বহু দিনলৈ এলাগী হৈ পৰি আছিল। আনহাতে, মন্ত্রী বিমল বড়াই সুধাকণ্ঠৰ গৃহ সম্পর্কত সেই স্থানত উপস্থিত হৈ সংৰক্ষণৰ লগতে সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ আশ্বাস দিছিল যদিও বহু দিনলৈ কাৰ্যকৰী হোৱা নাছিল। উল্লেখযোগ্য যে এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেন নেওগেই বিশ্ববন্দিত শিল্পীজনৰ প্ৰতিচ্ছবিত জন্ম-মৃত্যুৰ প্ৰতিটো দিনত বন্তি প্রজ্বলন, পুষ্পাঞ্জলি দি শ্রদ্ধাঞ্জলি জনাই আহিছিল। সাত বিঘা ভূমিৰে পৰিৱেষ্টিত এই সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যৱান ফল-মূলৰ লগতে ঔষধি গছ। একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন।

উল্লেখযোগ্য যে ইতিমধ্যে নগাঁও জিলাৰ দুৱাৰ বাগৰি মৌজাৰ নজান গাঁৱত অৱস্থিত ২৮৯,২৯০ আৰু ২৯১ দাগৰ মুঠ সাত বিঘা ভূমি ড° ভূপেন হাজৰিকাৰ পৰা ক্ৰয় কৰা গুৱাহাটী নিৱাসী দেৱজ্যোতি নেওগৰ পৰা ৰাজ্য চৰকাৰে ছেকশ্যন ৪(২) অব্ ড° আছাম ৰিকিউছেছন এণ্ড একুৱেশ্যন এক্ট ১৯৬৪ৰ অধীনত ২,৫১,৬৬,০৭৮টকা ক্ষতিপূৰণ আদায় দি ২৬ আগষ্টত অধিগ্রহণ কৰে বুলি নগাঁও জিলাৰ আয়ুক্তই এক নির্দেশনা জাৰি কৰে। নিৰ্দেশনাত আৰু উল্লেখ কৰা মতে, দহ দিনৰ ভিতৰত ভূমিৰ গৰাকীয়ে নগাঁও জিলা প্রশাসনক সুধাকণ্ঠৰ গৃহৰ লগতে ভূমি হস্তান্তৰ কৰিব লাগিব। এই নির্দেশনা জাৰি কৰাৰ পাছৰ পৰাই অসম চৰকাৰৰ কৰ্তৃত্বলৈ আহিল কুঠৰীত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহ। ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ বাবে ঘৰসহ মাটিখিনি চৰকাৰে ক্ৰয় কৰাত ৰাইজে সন্তুষ্টি প্রকাশ কৰিছে।

Share This