কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ

dainik janambhumi October 10, 2025

ডিজিটেল ডেস্ক : 'বিষাক্ত' কফ ছিৰাপ সেৱন কৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মধ্য প্রদেশত পুনৰ দুটি শিশুৰ মৃত্যু হয়। ইয়াৰ ফলত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২লৈ বৃদ্ধি হয়। ইফালে কেন্দ্রীয় ঔষধ নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') বিশ্ব স্বাস্থ্য সংস্থাক বুধবাৰে অৱগত কৰে যে এটা কফ ছিৰাপ কল্ড্রিফ ৰেছপিফ্ৰেছটি আৰ আৰু ৰিলাইফৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে আৰু নিৰ্মাণকাৰী সকলোকে এই নির্দেশ দিয়া হৈছে। 

সংস্থাটোৱে লগতে কয় যে উক্ত কফ ছিৰাপ ভাৰতৰ পৰা ৰপ্তানি কৰা হোৱা নাই। ইফালে, বিষাক্ত কফ ছিৰাপ সেৱন কৰি শিশু মৃত্যুমুখত পৰাৰ ঘটনা সন্দর্ভত তামিলনাডু-ভিত্তিক কল্ড্রিফ শ্রেষাণ ফাৰ্মাৰ স্বত্বাধিকাৰীক বৃহস্পতিবাৰে মধ্য প্রদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কোম্পানীটোৱে উক্ত কফ ছিৰাপ প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে। 

আনহাতে, এই ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি আৰু ঔষধৰ সুৰক্ষা সন্দর্ভত সংস্কাৰ বিচাৰি দাখিল হোৱা এখন আৱেদনৰ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শুনানি ল'ব। ইফালে, চি ডি এছ চি অ'ই সমগ্ৰ ভাৰতত কফ ছিৰাপ প্রস্তুতকাৰীসকলৰ পৰীক্ষণ, পৰিদৰ্শন আৰু হিচাপ-নিকাচ চালি-জাৰি চাব বুলি প্ৰকাশ কৰিছে।

Share This